• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি বছৰৰ সামৰিক প্ৰশিক্ষণৰ বাবে সাজু স্পেইনৰ ৰাজকুমাৰী লিওনোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 9:44 am
স্পেইনৰ ৰাজকুমাৰী লিওনোৰ। ফটো: সংগ্ৰিহীত।

স্পেইনৰ ৰাজকুমাৰী লিওনোৰ। ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰোবলেছে জানিবলৈ দিছে যে স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী ১৭ বছৰীয়া ৰাজকুমাৰী লিওনোৰ আগষ্টত আৰম্ভ হ’বলগীয়া তিনি বছৰীয়া সামৰিক প্ৰশিক্ষণৰ বাবে যাব।

স্পেনীয় ৰাজতন্ত্ৰই যোৱা এক দশকত কেইবাটাও কেলেংকাৰীৰ পিছত ইয়াৰ ভাবমূৰ্তি পুনৰুদ্ধাৰ কৰিবলৈ সংগ্ৰাম কৰি আছে। বিশেষকৈ ২০১৪ চনত পুত্ৰ ৰজা ফেলিপৰ পক্ষ লোৱাৰ বাবে ত্যাগ কৰিব লগা হোৱা প্ৰাক্তন ৰজা জুয়ান কাৰ্লোছৰ ঘটনা।

কেবিনেট বৈঠকৰ পিছত ৰোবলেছে জনায়, “সকলো সংসদীয় ৰাজতন্ত্ৰৰ (উত্তৰাধিকাৰী) দৰে সামৰিক পৃষ্ঠভূমি আৰু সামৰিক কেৰিয়াৰ থাকিব লাগিব।”

Apply Now
স্পেইনৰ ৰাজকুমাৰী লিওনোৰ। ফটো: সংগ্ৰিহীত।

ফেলিপৰ জ্যেষ্ঠ কন্যা লিওনোৰে কেইমাহমানৰ ভিতৰতে ৱেলছৰ ইউ ডব্লিউ চি আটলাণ্টিক কলেজত দুবছৰীয়া উচ্চ বিদ্যালয়ৰ পাঠ্যক্ৰম সমাপ্ত কৰি অক্টোবৰত ১৮ বছৰীয়া হ’ব। যদিহে পুৰুষ উত্তৰাধিকাৰী এজনৰ জন্ম নহয়, তেনেহ’লে তেওঁৱেই উত্তৰাধিকাৰীৰ শাৰীত প্ৰথম যাৰপিছত আছে তেওঁৰ ভগ্নী ছফিয়া।

ৰোবলেছে কয়, “যথা সময়ত, সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ এগৰাকী মহিলা হ’ব, আৰু শেহতীয়া বছৰবোৰত আমি মহিলাসকলক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাই আহিছো।”

স্পেইনৰ ৰাজকুমাৰী লিওনোৰ। ফটো: সংগ্ৰিহীত।

ৰাজকুমাৰীগৰাকীয়ে জাৰাগোজাৰ আৰ্মি মিলিটাৰী একাডেমীত প্ৰথম বছৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। তাৰ পিছত এখন নৌ বিদ্যালয়লৈ যাব, যাৰ ভিতৰত আছে জুয়ান চেবাষ্টিয়ান এলকানো ওখ জাহাজখন চলোৱাৰ প্ৰশিক্ষণ। শেষত জেনেৰেল এয়াৰ একাডেমীত পঢ়া-শুনা সমাপ্ত কৰিব।

আশীৰ দশকৰ তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰি বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ আগতে হ’বলগীয়া তেওঁৰ এই  “অতি কঠোৰ” সামৰিক প্ৰশিক্ষণত চৰকাৰ আৰু ৰয়েল হাউচে সন্মত হৈছে।

স্পেইন গভীৰ মন্দাৱস্থাৰ মাজেৰে গৈ থকাৰ সময়ত ৰাজপৰিয়ালৰ সদস্যসকলৰ সৈতে জড়িত কৰ জালিয়াতিৰ গোচৰৰ মাজতে আৰু আফ্ৰিকাত তেওঁৰ হাতী চিকাৰ ভ্ৰমণক লৈ হোৱা কেলেংকাৰীৰ পিছতে জুয়ান কাৰ্লোছ অপসাৰিত হৈছিল।

স্পেইনৰ ৰাজকুমাৰী লিওনোৰ। ফটো: সংগ্ৰিহীত।

প্ৰাক্তন ৰাজকীয় ব্যক্তিজনে ২০২০ চনৰ আগষ্ট মাহৰ পৰা আবু ধাবিত বাস কৰি আছে। স্পেইন আৰু চুইজাৰলেণ্ডত প্ৰৱঞ্চনাৰ অভিযোগত কেইবাটাও তদন্ত মুকলি কৰাৰ পিছত তেওঁ স্পেইন ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত তদন্তবোৰ হঠাতে বাদ দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd