কেন্সাৰ গৱেষণাত এক বৃহৎ সফলতা। স্পেনিছ কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰে অসম্ভৱক সম্ভৱ কৰি তুলিলে। সকলোৱে ধাৰণা কৰে যে তেওঁলোকৰ সহায়ত অগ্নাশয়ৰ কৰ্কট ৰোগৰ (পেনক্ৰিয়াটিক কেন্সাৰ) চিকিৎসাত এক যুগান্তকাৰী পৰিৱৰ্তন আহিবলৈ আগবাঢ়িছে।
প্ৰখ্যাত কৰ্কট জীৱবিজ্ঞানী মাৰিয়ানো বাৰ্বাছিৰ নেতৃত্বত অগ্নাশয়ৰ কৰ্কট ৰোগৰ গৱেষণাত এক বৃহৎ সফলতা লাভ কৰা হৈছে। নতুন ঔষধৰ সংমিশ্ৰণক লৈ কাম চলি আছিল, যিয়ে পেনক্ৰিয়াচৰ টিউমাৰটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰি পেলালে আৰু টিউমাৰটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ’ল।
পেনক্ৰিয়াটিক কেন্সাৰৰ আটাইতকৈ সাধাৰণ ৰূপটো হ’ল পেনক্ৰিয়াটিক ডাক্টেল এডিন’কাৰ্চিনোমা। ই অন্যতম মাৰাত্মক কেন্সাৰ। সাধাৰণতে পলমকৈ ধৰা পৰে, সোনকালে বিয়পে আৰু গতানুগতিক চিকিৎসাৰ প্ৰতি শৰীৰে কোনো সঁহাৰি নিদিয়ে।
এই কেন্সাৰ যেতিয়া শৰীৰত থিতাপি লয় তেতিয়া ১০ জন ৰোগীৰ ভিতৰত এজনতকৈও কম ৰোগীয়ে পৰৱৰ্তী পাঁচ বছৰ জীয়াই থাকে। ফলত এই ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত নতুন চিকিৎসা পদ্ধতিৰ প্ৰয়োজনীয়তা বহুদিন ধৰি অনুভৱ কৰা হৈছিল।
KRAS নামৰ এটা ত্ৰুটিপূৰ্ণ জিন বেছিভাগ পেনক্ৰিয়াটিক কেন্সাৰৰ বাবে দায়ী। ই এক্সিলেটৰ পেডেলৰ দৰে কাম কৰে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি আৰু বিভাজনক নিৰ্দেশিত কৰে।
বিগত কেইবছৰমানৰ পৰা বিজ্ঞানীসকলে KRASৰ পৰা পোৱা সংকেতক বাধা দিবলৈ চেষ্টা কৰি আহিছে। নতুন ঔষধ প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলি আছে, ইয়াৰে এটা ঔষধৰ নাম দাৰাক্সনৰাচিব।
ইতিমধ্যে Daraxonrasib ব্যৱহাৰৰ ফলত ইতিবাচক ফলাফল পোৱা গৈছে। এই ঔষধে ৰোগীক বেছি দিন জীয়াই থকাত সহায় কৰে। কিন্তু বিজ্ঞানীসকলৰ মতে কেন্সাৰ খুব পাবত গজা। এটা পথ অৱৰোধ হ’লে বিকল্প পথ বিচাৰি পায়। ফলত ‘KRAS blocking’ ঔষধে সাময়িকভাৱে ৰোগ বন্ধ কৰিব পাৰিলেও ই পুনৰ ঘূৰি আহে।
স্পেইনৰ বিজ্ঞানীসকলে সেই বাধা অতিক্ৰম কৰাৰ উপায় বিচাৰি আছিল। তিনিফালৰ পৰা কেন্সাৰক আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ বাবে যেনেকৈ KRAS ৰ পৰা পোৱা সংকেত Daraxonrasib দ্বাৰা ব্লক কৰা হয়, তেনেদৰে, EGFR আৰু HER2 Afatinib ৰ দ্বাৰা ব্লক কৰা হয়, যাৰ জৰিয়তে কেন্সাৰ কোষসমূহ চিকিৎসাৰ পৰা পলাই হাত সাৰে।
ইয়াৰ উপৰিও SD36 নামৰ তৃতীয়টো ঔষধ ব্যৱহাৰ কৰা হয়, যিয়ে STAT3 নামৰ বেকআপ চিষ্টেম এটা নিষ্ক্ৰিয় কৰে। ফলত কেন্সাৰ কোষবোৰ জীয়াই থাকিব নোৱাৰে।
পেনক্ৰিয়াচৰ কৰ্কট ৰোগত আক্ৰান্ত এন্দুৰত এই তিনিবিধ ঔষধ একেলগে প্ৰয়োগ কৰা হৈছিল। আৰু তাৰ ফলত আচৰিত ধৰণৰ ফলাফল আহিল। কেৱল এন্দুৰৰ শৰীৰৰ পৰা কেন্সাৰ নাইকিয়া হোৱাই নহয়, ২০০ দিনৰ পাছতো কেন্সাৰ ঘূৰি নাহিল।
তিনিওটা ঔষধ একেলগে জিনীয়ভাৱে পৰিৱৰ্তিত মাউছ মডেলত প্ৰয়োগ কৰা হৈছিল। ইয়াৰ উপৰিও এই তিনিবিধ ঔষধ মানুহৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা টিউমাৰ আৰু পৰীক্ষাগাৰত নিৰ্মিত টিউমাৰত প্ৰয়োগ কৰা হৈছিল। সকলোতে একে ফলাফল পোৱা গৈছে।
আনকি অধ্যয়নৰ সময়তো এই শক্তিশালী ঔষধ প্ৰয়োগ কৰাৰ পিছতো এন্দুৰৰ শৰীৰত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নগ’ল। অৰ্থাৎ তিনিওটা ঔষধ একেলগে প্ৰয়োগ কৰিলে এতিয়ালৈকে বিপদৰ কোনো ইংগিত পোৱা নাই। বিজ্ঞানীসকলে কয় যে মূল ইঞ্জিন বন্ধ কৰি, পলায়নৰ পথ বন্ধ কৰি দি বেকআপ চিষ্টেম নিষ্ক্ৰিয় কৰি পেনক্ৰিয়াটিক কেন্সাৰক পৰাস্ত কৰা সম্ভৱ। ইয়াত কৰ্কট ৰোগৰ প্ৰতিশোধ লোৱাৰ ক্ষমতা নাথাকে।





