NORTHEAST NOW (Assamese)

জুবিন আৰু তেওঁৰ মৃত্যু সম্পৰ্কে একোখন ডকুমেণ্ট’ৰী বনোৱা হ‌ওক

October 17, 2025 8:30 pm · জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱাৰ লেখা

জুবিনৰ জীৱন আৰু সাংগীতিক যাত্ৰা সম্পৰ্কে এখন ভাল ডকুমেণ্ট’ৰী  বনোৱা হ‌ওক। লগতে তেওঁৰ মৃত্যু আৰু প্ৰতিক্ৰিয়া সম্পৰ্কে এখন স্বতন্ত্ৰ ডকুমেণ্ট’ৰী বনোৱা হ‌ওক। ইয়াত ম‌ই দ্বিতীয়টো সম্পৰ্কেহে কিছু কথা কব খুজিছো, কিয়নো প্ৰথমটোৰ প্ৰয়োজন সম্পৰ্কে কাকো কোৱাৰ প্ৰয়োজন নাই। জুবিনৰ মৃত্যু সাম্প্ৰতিক অসমৰ ইতিহাসৰ এটা সবাতোকৈ ডাঙৰ সামাজিক পৰিঘটনা। ইয়াক স্মৰণ আৰু অধ্যয়ন কৰাটো ভৱিষ্যতৰ বাবে খুবেই দৰকাৰী।

কিন্তু আমি ঘটনা এটাৰ সময়ত যিমানেই উৎসাহ নেদেখুৱাওঁ লাগিলে, তাক সযতনে আৰু প্ৰণালীবদ্ধ ৰূপত সংৰক্ষণ কৰাত আমি খুবেই বেয়া। এই যে অসমত কা-বিৰোধী আন্দোলন হৈছিল, তাৰ মানে কি কি হৈছিলনো? আজি এইবুলি যদি নজনা কোনোবাই আন্তৰিকতাৰে সবিশেষ জানিব খোজে, আমি কি উত্তৰ দিম? সঠিক উত্তৰ দিব পাৰিমনে? আমি এনেকুৱা এটা সামগ্ৰিক আৰু সবিশেষ ৰিপৰ্ট সমুখত দাঙি ধৰিব পাৰিমনে, ত আন্দোলনটোৰ বিষয়ে চব কথা থাকিব? আমাৰ হাতত কা-বিৰোধী আন্দোলনৰ বিষয়ে এনেকুৱা সামগ্ৰিক আৰু সবিশেষ কিবা লেখা, ডকুমেণ্টেৰি, কিতাপ আছেনে? মই দেখাত অন্ততঃ নাই।

যি আছে আমাৰ চবৰে ব্যক্তিগত অভিজ্ঞতাবোৰ আছে, ফেচবুকৰ ৱালে ৱালে মেমৰি আছে, আৰু আছে অলেখ লাইভ ভিডিঅ‘- ফেচবুকতে হ‌ওক, ইউটিউবতে হ‌ওক, টিভি চেনেলতে হ‌ওক। কিন্তু এইবোৰ লৈ আমি কি কৰিম? আন্দোলনটোৰ সামগ্ৰিক দৃশ্যপটটো কি আছিল, কি কি প্ৰধান ঘটনা ঘটিছিল, কোনকেইটা চূড়ান্ত মুহূৰ্ত আছিল, ইত্যাদি ইত্যাদি। এইবোৰ কথা আমি কেনেকৈ নজনা কাৰোবাক বুজাম? লাইভ ভিডিঅবস্তুটো অত্যন্ত বেয়া বস্তু, ইয়াৰ সৈতে চিচি কেমেৰাৰ ৰেকৰ্ডিঙৰ কোনো তফাৎ নাই। ডাঙৰ-ঐতিহাসিক মুহূৰ্তবিলাকক সি banalize কৰি পেলায়। লাইভ কৰিব নালাগে বুলি নক‌ওঁ, কিন্তু সি যাতে গোটেই ঘটনাৰাজিক খাই পেলাব নোৱাৰে সেইটো মনত ৰাখিব লাগে।

কা-বিৰোধী আন্দোলনৰ বিষয়ে এইবাবেই কলো যে তাৰ ক্ষেত্ৰত আমি যিটো ভুল কৰিলো, জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সেইটো ভুল পুনৰ নহ‌ওক। জুবিনৰ মৃত্যুৰ আৰু প্ৰতিক্ৰিয়াৰ যিটো মহাকাব্যিক ব্যাপ্তি, তাক সেই ৰূপতে ধৰি ৰাখিবলৈ চেষ্টা কৰা হ‌ওক। একে সময়তে জুবিনৰ সাংগীতিক যাত্ৰা আৰু তেওঁৰ সামাজিক ভূমিকা তথা commentaryৰ এটা সামগ্ৰিক আৰু সবিশেষ কলাজ নিৰ্মাণ কৰা হ‌ওক। যতে-ততে সিঁচৰতি হৈ থকা তেওঁৰ বক্তব্যৰ বিভিন্ন টুকুৰাবিলাক একেলগ কৰা হ‌ওক সঠিক স্থান-কালৰ উল্লেখসহ। নহলে দুবছৰমানৰ ভিতৰত সেইবোৰ কোটি কোটি অদৰকাৰী ভিডিঅৰ মহাসাগৰত হেৰাই যাব। ভৱিষ্যতে কোনোবাই কিছুমান খান্দি উলিয়ালেও তাৰপৰা সম্পূৰ্ণ জুবিনজন হেৰাই যাব। গতিকে সময় থাকোতেই এইকেইটা কাম কৰা হ‌ওক।

Related News