NORTHEAST NOW (Assamese)

হাইলাকান্দিত অন্যধৰণে সক্ষমলৈ বিনামূল্যে সাহায্য সামগ্ৰী বিতৰণ শিবিৰৰ আয়োজন

September 20, 2018 4:01 pm · ৰাহুল চক্ৰবৰ্তী
প্ৰতিনিধিত্বমূলক ছবি। ইন্দিয়া তুদে’ৰ সৌজন্যত।

হাইলাকান্দিত জিলাত অন্যধৰণে সক্ষমসকলৰ সহায়ক হোৱাকৈ হুইল চেয়েৰ, শ্ৰৱণ যন্ত্ৰ, তিনিচকীয়া চাইকেল আদি বিনামূলীয়াকৈ যোগানৰ বাবে আয়োজন কৰা হৈছে ৫টাকৈ বিশেষ শিবিৰ।

বৃহস্পতিবাৰে অতিৰিক্ত উপায়ুক্ত অমলেন্দু ৰয়ৰ অধ্যক্ষতাত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আলগাপুৰ উন্নয়ন খণ্ডত ২২ অক্টোবৰত আৰম্ভ হ’ব লগা এই বিশেষ শিবিৰৰ পৰৱৰ্তী শিবিৰকেইটা ২৪ অক্টোবৰত হাইলাকান্দি চহৰৰ নজৰুল সদন প্ৰেক্ষাগৃহ, ২৬ অক্টোবৰত লালা উন্নয়ন খণ্ডত, ২৮ অক্টোবৰত কাটলিচেৰাৰ নজৰুল ভৱনত আৰু ৩০ অক্টোবৰত দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডত অনুষ্ঠিত হ’ব।

অতিৰিক্ত উপায়ুক্ত ৰয়ে জিলাখনৰ সকলো অন্যধৰণে সক্ষম ব্যক্তিকে নিজ নিজ এলেকাত হ’ব লগা শিবিৰসমূহত আহি সুবিধা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ উদ্যোগত প্ৰতিবন্ধীলৈ সাহায্য আঁচনিৰ অধীনত জিলা প্ৰশাসনৰ সহযোগিতাত এই শিবিৰসমূহ আয়োজন কৰা হৈছে।

Related News