ভাৰতীয় নিৰ্বাচন আয়োগে অহা ২৮ অক্টোবৰ মঙলবাৰৰ পৰা ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিব। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, পুডুচেৰী, ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু, আৰু লক্ষদ্বীপ আদি অন্তৰ্ভুক্ত।
দিল্লীত এই পৰিকল্পনাৰ কথা ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে আজি মাজনিশাৰ পৰা এই অঞ্চলসমূহৰ ভোটাৰ পূৰ্বৰ ভোটাৰ তালিকা বাতিল কৰা হ’ব। সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰি আৰু অযোগ্য ভোটাৰক আঁতৰাই সঠিক ভোটাৰ তালিকা নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ আৰু কয় যে বিহাৰত ৯০ হাজাৰৰো অধিক ভোটকেন্দ্ৰ সামৰি লোৱা প্ৰথম পৰ্যায়ৰ এছ আই আৰ সম্পূৰ্ণৰূপে সফল হয়।
উল্লেখ্য যে এছ আই আৰ প্ৰক্ৰিয়াৰ অধীনত বুথ লেভেল অফিচাৰ (বি এল অ’) সকলে তিনিবাৰকৈ প্ৰতিটো ঘৰলৈ গৈ বৰ্তমানৰ ভোটাৰৰ বিৱৰণ আৰু অনন্য গণনা প্ৰ-পত্ৰ বিতৰণ কৰিব। ভোটাৰসকলে তেওঁলোকৰ তথ্যসমূহ ঐতিহাসিক অভিলেখৰ বিপৰীতে পৰীক্ষা কৰিব পাৰে, য’ত ২০০২-২০০৪ চনৰ ভোটাৰ তালিকাও অন্তৰ্ভুক্ত এই তথ্য সমূহ voters.eci.gov.in ৱেবচাইটত উপলব্ধ হ’ব। ২০০৩ চনৰ ভোটাৰ তালিকাত নাম উল্লেখ থকা বা পিতৃ-মাতৃৰ নাম তালিকাভুক্ত হোৱাসকলৰ অতিৰিক্ত নথি-পত্ৰৰ প্ৰয়োজন নহ’ব।
ভোটাৰ প্ৰব্ৰজনৰ দৰে সমস্যাৰ সমাধানৰ বাবে মানুহে অনলাইনযোগে প্ৰ-পত্ৰ জমা দিব পাৰে। মঙলবাৰৰ পৰা ভোটগ্ৰহণ বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ হ’ব, আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ বুধবাৰৰ ভিতৰত ৰাজনৈতিক দলসমূহক এই প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি আয়োগে উল্লেখ কৰিছে।
কুমাৰে ব্যাখ্যা কৰে যে স্বাধীনতাৰ পিছত এনেধৰণৰ নৱমটো প্ৰক্ৰিয়া হিচাপে এছ আই আৰে ভোটাৰ তালিকাৰ বিশুদ্ধতাক লৈ ৰাজনৈতিক দলসমূহে উত্থাপন কৰা উদ্বেগক সম্বোধন কৰে। ইয়াৰ দ্বাৰা ভুৱা পঞ্জীয়ন, মৃত ভোটাৰক তালিকাৰ পৰা বাদ নিদিয়া, নাম ভুলকৈ অন্তৰ্ভুক্ত কৰা আদি বিষয়সমূহৰ সমাধান কৰা হ’ব।
প্ৰতিগৰাকী বিএলঅ’ই প্ৰায় ১০০০ ভোটাৰক পৰিচালনা কৰিব, নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু সহকাৰী ইআৰঅ’সকলৰ তত্বাৱধানত এই কাৰ্য সম্পন্ন হ’ব বুলি আয়োগে সদৰী কৰিছে।
ইফালে অসমতো এছ আই আৰ হ’ব বুলি পূর্বে চৰ্চা চলিছিল যদিও নিৰ্বাচন আয়োগে স্পষ্টভাৱে জনাইছে যে বৰ্তমান অসমত এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নহয়। এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ভাৰতীয় নাগৰিকত্ব আইনৰ অধীনত অসমৰ নাগৰিকত্বৰ সংজ্ঞা পৃথক ধৰণে বিবেচনা কৰা হয়। উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত অসমৰ নাগৰিকত্ব পৰীক্ষণৰ কাম ইতিমধ্যে চলি থকা বাবে ২৪ জুনত সমগ্ৰ দেশৰ বাবে জৰি কৰা এছ আই আৰ নিৰ্দেশ অসমত প্ৰযোজ্য নহয়। মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে, পৰিস্থিতি মূল্যায়ন কৰি পৰৱৰ্তী সময়ত অসমৰ বাবে পৃথক নিৰ্দেশনা জাৰি কৰা হ’ব।




