গুৱাহাটীত ভি আই পিসকলেও খোজ কাঢ়ি চাব লাগিব পূজা : চি চি টিভিৰ ব্যৱস্থা বাধ্যতামূলক

BvtRD3RCYAA5teg

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য : ফাইল ফটো

এইবাৰ গুৱাহাটী মহানগৰীত এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। দুৰ্গোৎসৱ সন্দৰ্ভত গুৱাহাটী আৱৰ্ত ভৱনত শুকুৰবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰীগৰাকীয়ে কিছুমান নিৰ্দেশনা দিয়ে।

মন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি পূজা মণ্ডপসমূহত চিচিটিভি সংস্থাপন বাধ্যতামূলক কৰা হৈছে। আয়োজকসকলে পূজাৰ সম্পূৰ্ণ ৰেকৰ্ডিং ৰাখিব লাগিব। তদুপৰি, কেইখনমান নিৰ্দিষ্ট পূজা মণ্ডপত সকলো যান বাহনৰ প্ৰৱেশ নিষিদ্ধ থাকিব। আনকি কোনো ভি আই পি তথা ভি ভি আই পিৰ বাহনো প্ৰৱেশ কৰিবৱ নোৱাৰিব। দৰ্শনাৰ্থীসকলে খোজ কাঢ়িয়েই পূজা চাব লাগিব।

গুৱাহাটীত এইবাৰ ৫০০ৰো অধিক পূজা অনুষ্ঠিত হ’ব। গতিকে পূজা সমিতিবোৰে তেওঁলোকৰ প্ৰতিমা ক’ত বিসৰ্জন দিব সেয়া আগতীয়াকৈ মহানগৰ প্ৰশাসনক জনাব লাগিব। ইয়াৰ লগতে কালী পূজালৈকে গুৱাহাটীৰ ৱাকিং জ’ন বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে নিৰ্দেশ দিয়ে যে জাৱৰ নিষ্কাষণৰ বাবে প্ৰতিখন পূজা সমিতিয়ে পৌৰ নিগমক নিৰ্দ্ধাৰিত মাচুল আদায় দিব লাগিব। তদুপৰি, পূজাৰ সময়ত জাৱৰ নিষ্কাষণৰ বাবে পৌৰ কৰ্মীসকল সাজু থাকিব।

আনহাতে, মহিলাসকলৰ বাবে মোবাইল প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা ৰখাৰো নিৰ্দেশ দিয়ে মন্ত্ৰী ভট্টাচাৰ্যই। ইয়াৰোপৰি দুৰ্গোৎসৱৰ সময়ত লোডশ্বেডিং কৰিব নোৱাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে এ পি ডি চি এলক নিৰ্দেশ দিয়ে।

ইপিনে বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ক্ৰিকেট মেচখন সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী ভট্টাচাৰ্যই আন্তৰ্জাতিক মেচখনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ পৰামৰ্শ দিয়ে।

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বৈঠকত মহানগৰ আৰক্ষী আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।