চৰকাৰ সলনি হ’লেও সমাধান নহ’ল এছ পি অ’সকলৰ সমস্যা; পুনৰ লাষ্টগেইটত বহিল ন্যায্য প্ৰাপ্তিৰ দাবীত

বিশেষ আৰক্ষী বিষয়াসকলে ২৫ ছেপ্তেম্বৰত দিচপুৰৰ লাষ্টগেইটত প্ৰতিবাদ কৰাৰ মুহূৰ্তৰ দৃশ্য। ফটো : য়ু বি।

চৰকাৰী সলনি হ’ল যদিও এছ পি অ’সকলৰ প্ৰতাৰণা-বঞ্ছনাৰ কাহিনীৰ কোনো পৰিৱৰ্তন নহ’ল। সশস্ত্ৰ আন্দোলন, আলফাত যোগদান, আত্মজাহৰ ভাবুকি, গণতান্ত্ৰিক আন্দোলন একোৱেই তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰক সহানুভূতিশীল কৰিব নোৱাৰিলে।

ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সম্বলহীন হৈ পৰা এই বিশেষ আৰক্ষী বিষয়া চমুকৈ এছ পি অ’সকলে আজি বিধানসভাৰ শৰৎকালীন অধিৱেশন চলি থকাৰ সময়তে ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ দিচপুৰ লাষ্টগেইটত প্ৰতিবাদত নামে।

মন কৰিব লগীয়া কথা যে, চলিত বৰ্ষৰ ২৩ এপ্ৰিলৰ দিনাও ৩ শতাধিক বিশেষ আৰক্ষী বিষয়াই শৰাইঘাটৰ দ্বিতীয় দলঙৰ ওপৰত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ লগতে বহুকেইজন এছ পি অ’ জোৱানে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰো চেষ্টা চলাইছিল।

আনহাতে, আজি দিচপুৰ লাষ্টগেইটত অনুষ্ঠিত  প্ৰতিবাদস্থলত উপস্থিত থকা গোপাল বৰগোহাঁই নামৰ যোৰহাট টীয়কৰ  এগৰাকী এছ পি অ’ই পৰিয়াল পোহপাল দিবলৈ অপৰাগ বুলি সংবাদ মাধ্যমৰ আগত মুকলিকৈ উল্লেখ কৰে।

তেওঁ কয়, “মই মোৰ সন্তানটোকে বিক্ৰী কৰিবলৈ ওলাইছো। দিনটো কাম কৰি কেতিয়াবা ৫০ টকা বা কেতিয়াবা ১০০ টকা পাওঁ। গতিকে মই পৰিয়ালটো পোহপাল দিব নোৱাৰো।”

তেওঁ প্ৰতিবাদস্থলৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই কয় “আমাক অতি সোনকালে স্থায়ী নিযুক্তি প্ৰদান কৰক, অন্যথা আমাৰ আত্মহত্যা কৰাৰ বাহিৰে অন্য উপায় নাথাকিব। নিজৰ ল’ৰা-ছোৱালীক যদি খুৱাব-পিন্ধাব নোৱাৰো, তেন্তে বাপেক হৈ জীয়াই থাকি কোনো লাভ নাই।”

আনহাতে, উক্ত গণ অৱস্থান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, “চৰকাৰৰ প্ৰতিশ্ৰুতিক আভুৱা-ভাঁৰা বুলিহে ক’ব পাৰি। চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যাতে আমি আন্দোলন নকৰি মনে মনে বহি থাকো।

উল্লেখ্য যে, ডি এইচ্ছ ডি জে উ্ৰগ্ৰপন্থীয়ে ডিমা-হাচাও জিলাত ২০০৭ চনৰ পৰা হত্যা, অপহৰণ, ধন দাবীৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে অসম বিশেষ আৰক্ষী বিষয়াসকলে অভিযান চলাইছিল। সেইসকল উগ্ৰপন্থীয়ে ২০১০ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত অসম চৰকাৰে প্ৰায় ১০০০জন উগ্ৰপন্থী সদস্যক অসম আৰক্ষীত নিযুক্তি দিছিল বুলি সংগঠনৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “চৰকাৰৰ মতে, আমি যিমানে পঢ়া-শুনা নকৰো আমাক পোনপটীয়াভাৱে চাকৰি দিব নোৱাৰে। চৰকাৰে বিচাৰে যে তোমালোকে প্ৰথম চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা তাৰ পাছত তোমালোকক চাকৰি দিম।”

ইয়াৰোপৰি তেওঁ কয় “যিসকল উগ্ৰপন্থীয়ে অতদিন ধৰি সন্ত্ৰাস চলাই আহিছিল, সেইসকলক চৰকাৰে আত্মসমৰ্পণ কৰাৰ পাছত চাকৰি দিলে। যিসকলে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলালে সেইসকলক চৰকাৰে চাকৰিৰ পৰা অৱ্যাহতি দিলে।”

আনহাতে, বিগত কংগ্ৰেছ চৰকাৰৰ এইসকল বিশেষ আৰক্ষী বিষয়াক ৩ নং এ আই এছ এফ বেটেলিয়নত ২০১৫ চনৰ জুন মাহৰ ভিতৰত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য্যন্ত সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি তেওঁ সাংবাদিকক জনায়।

তদুপৰি অতি সোনকালে বিশেষ আৰক্ষীৰ উক্ত বিষয়াসকলক ৩ নং এ আই এছ এফত নিযুক্তি দিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।

তেওঁলোকৰ অন্য দাবীসমূহ ক্ৰমে সকলো এছ পি অ’ক একেলগে নিযুক্তি দিব নোৱৰা পৰ্য্যন্ত ১ আৰু ২ নং এ আই এছ এফৰ খালী হৈ থকা ১৪৫ পদত ১৪৫ জন এছ পি অ’ক নিযুক্তি দিবলৈ বিচৰা প্ৰক্ৰিয়া বন্ধ ৰখা আৰু Assam Tea Protection Security Force ৰ জোৱানসকলক যি নিয়মেৰে বয়সৰ কোনো ঊৰ্ধ্বতম সীমা নাৰাখি ১ আৰু ২ নং এ আই এছ এফত নিযুক্তি দিছিল, সেই একেই নিয়মেৰে এছ পি অ’ জোৱানসকলকো নিযুক্তি দিব লাগে।