DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সেনা চাউনিৰ বাহিৰত দুগৰাকী অসামৰিক লোকৰ হত্যাক লৈ উত্তপ্ত জম্মু-কাশ্মীৰ: বিশেষ তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 3:45 pm
Civilian Killed In Jammu-Kashmir
122
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত এক সেনা চাউনিৰ বাহিৰত সংঘটিত গুলীচালনাত দুগৰাকীকৈ সাধাৰণ নাগৰিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ স্থানীয় জনসাধাৰণ। শুকুৰবাৰে সংঘটিত এই ঘটনাত দুগৰাকী লোকৰ মৃত্যুৰ লগতে আন এগৰাকী আহত হোৱাৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

প্ৰতিবাদী জনতাই এই হত্যাকাণ্ডৰ ন্যায্য তদন্তৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছতে ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈ বাধ্য হৈছে প্ৰশাসন।

এই ঘটনাৰ পাছতে সেনাই এক টুইটযোগে শিবিৰটোত কিছু অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰা বুলি দাবী কৰাৰ বিপৰীতে স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে গেটত নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী চকীদাৰে চাউনিৰ ওচৰ চাপি অহা স্থানীয় লোকসকলৰ ওপৰত গুলীচালনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে।

সেনাৰ এই চকীদাৰৰ দায়িত্বত থকা জোৱানগৰাকীৰ গুলীবৰ্ষণৰ ফলত সাধাৰণ নাগৰিক দুগৰাকীৰ মৃত্যু হৈছিল বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে।

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে নিশা আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে গেজেট ৰেংকৰ এগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত এছ আই টি গঠন কৰে।

ৰাজৌৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহম্মদ আছলামৰ তত্বাৱধানত গঠিত এছ আই টিৰ নেতৃত্ব দিব ৰাজৌৰীৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) চাঞ্চল সিঙে।

উল্লেখ্য যে, ৰাজৌৰী চহৰৰ ফালিয়ানা অঞ্চলৰ সেনা চাউনিৰ দ্বাৰত সংঘটিত হোৱা গুলীচালনাত স্থানীয় দুগৰাকী ব্যক্তি ক্ৰমে সুৰিন্দৰ কুমাৰ আৰু কমল কুমাৰ নিহত হৈছিল।

আনহাতে এই ঘটনাত আহত উত্তৰাখণ্ডৰ অনিল কুমাৰ নামৰ ব্যক্তিগৰাকী ৰাজৌৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd