• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহাত ৩১ জানুৱাৰিৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দশম বিশেষ অধিৱেশন

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 8, 2018 7:45 am

2 min read

sahitya sabha , Raha.photo

শুকুৰবাৰে নগাঁবত অসম সাহিত্য সভাৰ বিষয়ববীয়া। ফটো : নৰ্থইষ্ট নাও

393
VIEWS
Share on FacebookShare on Twitter

অহা ৩১ জানুৱাৰিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাত অনু্ষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক ৰহা অধিৱেশন উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিৰ মাজত এক চুক্তি সম্পাদিত হয়।

অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয় লাল চান্দ টোডী প্ৰেক্ষাগৃহত সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত চুক্তি সম্পাদন কাৰ্যসূচীত চুক্তিপত্ৰত স্বাক্ষৰ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু আদৰণি সমিতিৰ সাধাৰণ সম্পাদিকা বিনু লস্কৰ ঠাকুৰীয়াই।

অনুষ্ঠানত অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সাংবাদিকৰ আগত কয় যে এই অধিবেশনখনে অসমৰ জাতীয় জীৱনৰ বহু কেইটা দিশক গতি প্ৰদান কৰিব। তেওঁ কয় যে অধিৱেশনলৈ চৰকাৰী পক্ষৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ কৰা হ’ব। সেই অনুষ্ঠানতে আমি একেলগে কথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিম।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ তালিকা ওলোৱাৰ পিচত যি সকল বিদেশী বুলি চিনাক্ত কৰা হ’ব তেওঁলোকক প্ৰত্যৰ্পণ কৰিবই লাগিব। ডঃ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট বুলি কয়। তেওঁ লগতে কয় যে এই বিধেয়কখনৰ প্ৰসংগত অসমৰ জনসাধাৰণ যি পক্ষত আছে আমি সেই পক্ষতে দৃঢ়ভাবে থাকিম।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সাংবাদিকক কয় যে অধিৱেশনলৈ বহু কেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তাবিদ, গৱেষক আহিব। সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক অৱনী মোহন চহৰীয়া, ধন ভঁ‌ড়ালী কনক কুমাৰ বৰা, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা, মংগলদৈ কাৰ্যালয়ৰ সম্পাদক শৈলেন কুমাৰ ৰাজবংশী, নগাঁও কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰ নাথ সুত, সাহিত্য অকাডেমী বটা প্ৰাপ্ত বিপুল দেউৰীকে ধৰি নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু ৰহা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কমল চন্দ্ৰ শৰ্মা তথা আন বিষয়ববীয়া উপস্থিত থাকে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd