• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধোঁৱাচাঙত ‘বেটী বচাও, বেটী পঢ়াও’: ভূপালত পাঁচ বৰ্ষীয় বিশেষভাৱে সক্ষম দলিত শিশুক ধৰ্ষণ চুবুৰীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2022 7:39 am
Specially Abled Girl Raped In Bhopal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে নিকৃষ্ট ঘটনা। শিশুৰ পৰা বৃদ্ধালৈকে দেশত মহিলাৰ ওপৰত চলা এনে বৰ্বৰতাই উদঙাই দিছে দেশত নাৰী সুৰক্ষাৰ প্ৰকৃত ছবি। ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী মোদীৰ ‘বেটী বচাও, বেটী পঢ়াও’ শ্ল’গান। এইবাৰ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত সংঘটিত এক ধৰ্ষণকাণ্ডই পুনৰবাৰ এই শ্ল’গানৰ ব্যৰ্থতাক সমুখলৈ আনিছে।

ভূপালৰ কোলাৰ অঞ্চলত চুবুৰীয়া দুৰ্বৃত্তৰ কামনাৰ বলি হৈছে এটি পাঁচ বছৰীয়া মূক-বধিৰ দলিত কন্যা শিশু। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৰ্ষণৰ বলি হোৱা শিশুটিৰ পিতৃ-মাতৃক এগৰাকী চুবুৰীয়াই অভিযুক্ত ব্যক্তিগৰাকীৰ ঘৰৰ পৰা তেওঁলোকৰ সন্তানৰ কান্দোন শুনিবলৈ পাইছে বুলি অৱগত কৰে।

Apply Now

শিশুটিৰ মাতৃ তৎক্ষণাৎ ব্যক্তিগৰাকীৰ ঘৰলৈ দৌৰি যায় আৰু লম্পট ব্যক্তিগৰাকীয়ে শিশুটিক ধৰ্ষণ কৰা দেখিবলৈ পায়। এই বৰ্বৰ কাণ্ড দেখাৰ পাছতে আৰক্ষীক লগে লগে খবৰ দিয়া হয়। অভিযুক্ত ব্যক্তিগৰাকীয়ে খেলাৰ অজুহাত দেখুৱাই শিশুটিক তেওঁৰ ঘৰলৈ লৈ গৈছিল বুলি শিশুটিয়ে মাক-দেউতাকক কয়।

পিতৃ-মাতৃৰ অভিযোগৰ পাছতে কোলাৰ আৰক্ষীয়ে ৫৬ বছৰীয়া অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিগৰাকীৰ স্বাস্থ্য পৰীক্ষাত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ সময়ত সুৰাপান কৰি থকাৰ প্ৰমাণ পোৱা গৈছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিছে।

অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ লগতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO), অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

ইফালে ৰাজ্যখনৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে কঠিন বাৰ্তা প্ৰেৰণ কৰিবলৈ জঘন্য অপৰাধৰ অপৰাধীসকলৰ অবৈধ নিৰ্মাণ ধ্বংস কৰি অহাৰ দৰেই এই ঘটনাৰ অভিযুক্ত গৰাকীয়ে অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলায় বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd