NORTHEAST NOW (Assamese)

মহিলা ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত অধিক ধন খৰছ কৰক : মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন

July 8, 2019 5:43 pm · এন ই নাও নিউজ

মহিলা ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত ভাৰতে অধিক ধন খৰছ কৰাৰ প্ৰয়োজন আছে বুলি দেশৰ এগৰাকী আগশাৰীৰ ব্যক্তিয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুক আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই চতুৰ্থবাৰৰ বাবে মহিলা ফুটবল বিশ্বকাপ হস্তগত কৰাৰ পিছতেই উত্থাপন হৈছে এই প্ৰশ্নৰ।

মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই ভাৰতীয় মহিলা ফুটবলৰ উত্তৰণৰ দিশ সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উদ্দেশ্যি এক টুইট কৰে।

তেওঁ টুইটটোত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উল্লেখ কৰি কয় যে মহিলা ফুটবলত আমি আৰু অধিক বিনিয়োগ কৰিব লাগে। আমাৰ স্প্ৰিণ্টাৰ্ছ, ৰানাৰ্ছ, জিমনাষ্ট তথা ৰেষ্টলাৰ্ছ সকলে বিশ্ব পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৰুষ সকলতকৈ মহিলা সকলৰ যে শাৰিৰীক সক্ষমতা বেছি সেয়া বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতা প্ৰমাণ কৰিছে। তেওঁলোকে ফুটবলৰ জৰিয়তেও বিশ্বক পৰাস্ত কৰিব পাৰিব।

ইফালে মন্ত্ৰী ৰিজিজুৱে মহিন্দ্ৰাৰ কথাত সহমত প্ৰকাশ কৰি কয় যে যিকোনো ক্ৰীড়া ক্ষেত্ৰতে ভাৰতীয় মহিলাই বিশ্ব পৰ্যায়ত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ যিকোনো ক্ৰীড়া ক্ষেত্ৰৰে ক্ৰীড়াবিদক সেয়া পুৰুষে হওক বা মহিলাই হওক ভাৰত চৰকাৰে সকলোকে সুবিধা প্ৰদান কৰিব বুলিও মহিন্দ্ৰাক আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে ৰিজিজুৱে দেওবাৰে পুনেস্থিত আৰ্মি স্প’ৰ্টছ ইনষ্টিটিউট পৰিদৰ্শন কৰি তাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈৰ লগতে প্ৰশিক্ষক সকলৰ সৈতে মত বিনিময় কৰে আৰু প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে।

Related News