DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিমানৰ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰ: স্পাইচজেট বিমানৰ পৰা নমাই দিলে দুগৰাকী যাত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 9:06 am
SpiceJet Passenger Deboarded
203
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ আগশাৰীৰ বিমান পৰিবহন প্ৰতিষ্ঠান স্পাইচজেটৰ এখন বিমানত এগৰাকী মহিলা কৰ্মচাৰীক অসৎ আচৰণ কৰাৰ অভিযোগত বিমানখনৰ পৰা নমাই দিয়া হয় দুগৰাকী। সোমবাৰে এক বিবৃতি যোগে বিমান প্ৰতিষ্ঠানটোৱে এই কথা সদৰী কৰে।

আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI- এ প্ৰকাশ কৰা এটা ভিডিঅ’ত অভিযুক্ত পুৰুষ যাত্ৰীগৰাকীৰ বিৰুদ্ধে বিমানৰ মহিলা ক্ৰু সদস্যগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছত দুয়োগৰাকীকে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে।

#WATCH | “Unruly & inappropriate” behaviour by a passenger on the Delhi-Hyderabad SpiceJet flight at Delhi airport today

The passenger and & a co-passenger were deboarded and handed over to the security team at the airport pic.twitter.com/H090cPKjWV

— ANI (@ANI) January 23, 2023

এক বিবৃতি যোগে এই সন্দৰ্ভত বিমান প্ৰতিষ্ঠানটোৱে কয়, “২০২৩ চনৰ ২৩ জানুৱাৰীত স্পাইচজেটৰ ৱেট-লিজড এছ জি-৮১৩৩ ক’ৰেণ্ডন বিমানখন দিল্লীৰ পৰা হায়দৰাবাদ অভিমুখে যোৱাৰ কথা আছিল। দিল্লীত এগৰাকী যাত্ৰীয়ে বিমানত উঠাৰ সময়তে অসৎ আচৰণ কৰি এগৰাকী কেবিন ক্ৰুক হাৰাশাস্তিৰ সৃষ্টি কৰিছিল।”

“ক্ৰু গৰাকীয়ে বিমানৰ ‘পাইলট ইন কমাণ্ড’ আৰু নিৰাপত্তাৰক্ষীক এই বিষয়ে অৱগত কৰে। এই অভিযোগৰ পাছত উক্ত যাত্ৰীগৰাকী আৰু তেওঁৰ এগৰাকী সহযাত্ৰীক বিমানৰ পৰা নমাই নিৰাপত্তাৰক্ষীৰ দলক গতাই দিয়া হয়।’’— বিবৃতিটোত এইদৰে উল্লেখ কৰে বিমান প্ৰতিষ্ঠানটোৱে।

বিমানৰ ক্ৰু গৰাকীয়ে অভিযুক্ত যাত্ৰীগৰাকীয়ে অসৎ উদ্দেশ্যেৰে স্পৰ্শ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিমানৰ একাংশ যাত্ৰীয়ে বিমানখনৰ ঠেক ঠাইৰ বাবেই এই ঘটনা সংঘটিত হৈছিল বুলি দাবী কৰে।

ইফালে অভিযুক্ত যাত্ৰীগৰাকীয়ে পিছত লিখিতভাৱে ক্ষমা বিচাৰে যদিও পুনৰ কোনো ধৰণৰ সম্ভাৱ্য সংঘাতৰ পৰা হাত সাৰিবলৈ তেওঁক বিমানৰ পৰা নমাই দিয়া হয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd