• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক্ৰীড়া আৰু মূল্যবোধ : জীৱনক গঢ় দিয়াৰ কিছু কথা

মহিৰুদ্দিন আহমেদ by মহিৰুদ্দিন আহমেদ
August 4, 2021 9:08 pm
sports
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়া আমি আমাৰ সন্তানক প্ৰথম বাৰ খেলা ধূলাৰ বাবে আগবঢ়াই দিওঁ, তেতিয়া বোধহয় সিহঁতৰ শাৰীৰিক উৎকৰ্ষৰ কথাই আমাৰ মনলৈ আহে আৰু সম্ভবতঃ সিহঁতৰ জীৱনত মূল্যবোধ গঢ় দিয়া কথাটো তেতিয়া মনলৈ নাহে। আপুনি এই সম্পৰ্কে অৱগত হওক বা নহওক খেলাত অংশগ্ৰহণ কৰোৱাই আপোনাৰ সন্তানৰ মাজত যে মূল্যবোধৰ জন্ম দিয়ে সেয়া সিহঁতৰ ক্ৰীড়া জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আৰু আংশিক ভাবে হ’লেও দৈনন্দিন জীৱন যাপনতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়।

আমি সকলোৱেই মূল্যবোধক উচ্চ আদৰ্শ হিচাপে গণ্য কৰো ।যাৰ সৈতে আমাৰ দৈনন্দিন জীৱনৰ সামান্য হ’লেও সম্পৰ্ক আছে। ক্ৰীড়া আৰু দৈনন্দিন জীৱন সম্পৰ্কে আমি আমাৰ সন্তানক যিবোৰ মূল্যবোধৰ ধাৰণা দিওঁ সেয়াই সিহঁতৰ ক্ৰীড়াৰ জীৱন আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে।এক কথাত, আপোনাৰ শিশু সকলে তৰুণ ক্ৰীড়া বিদ হিচাপে যি মূল্যবোধ গ্ৰহণ কৰে সেইবোৰে সিহঁতৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশেই প্ৰভাবিত কৰে। অৰ্থাৎ আপোনালোকৰ শিশু সকলে সিহঁতৰ খেলাধূলাৰ ৰুচি সম্পৰ্কে কিদৰে চিন্তা কৰে সেইবোৰ চিন্তাই সিহঁতৰ মূল্যবোধ প্ৰভাবিত কৰে।

Apply Now

উদাহৰণ স্বৰূপে আপোনালোকে যদি সিহঁতক খেলত জয়ী হোৱাতকৈ বেছি জয়ী হবলৈ কৰা প্ৰচেষ্টাত মনোনিবেশ কৰিলে যে ফল ভাল পোৱা যায় আৰু আনন্দও পোৱা যায় এই কথাটো শিকাই দিয়ে, তেনেহলে প্ৰতিযোগিতা আহিলেই সিহঁতে সেই মূল্যবোধৰ দিশত মনোনিবেশ কৰিব।তাৰ বিপৰীতে সন্তান সকলে যদি বিশ্বাস কৰে যে তেওঁলোকৰ অভিভাৱক সকলে সিহঁত জয়ী হোৱা বা সৰ্ব্বোত্তম হোৱাটোৱেই বিচাৰে তেতিয়া সিহঁতৰ মূল্যবোধও বেলেগে হ’ব। সিহঁতৰ চিন্তা বোৰো ভিন্ন হ’ব।আৰু এই অদ্ভুত চিন্তা ধাৰা বোৰ সিহঁতৰ খেলাধূলাটো দেখা দিব অৰ্থাৎ তেতিয়া বিশেষ আবেগ প্ৰবন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। যেনে ওপৰৰ উদাহৰণটোতেই ধৰক, কোনো প্ৰতিযোগিতা আহিলে, “তেওঁলোক যদি জয়ী নহয়”, এই সন্দেহ আৰু ভয়ত ভুগিব ফলত মানসিক চাপ আৰু নিৰাশাত ভুগিব পাৰে।

২০১২ চনত স্পেইনৰ বুৰলাডাত অনুষ্ঠিত হোৱা এখন ক্ৰচ কান্ত্ৰি প্ৰতিযোগিতাত কেনিয়াৰ দৌৰবিদ “আবেল মুতাই “ফিনিশ্বিং লাইনৰ পৰা মাত্ৰ কেইমিটাৰ মান দূৰত আছিল, কিন্তু তেওঁ বিভ্ৰান্ত হৈ পৰিছিল আৰু ভাবিছিল যে তেওঁ দৌৰ শেষ কৰিছে। স্পেইনৰ ‘ফাৰ্নাণ্ডেজ এনায়া’

মুতাইৰ থিক পাছে পাছে দ্বিতীয় স্হানত আছিল। তেওঁ আবেল মুতাইক দৌৰ শেষ কৰিবলৈ স্পেনিছ ভাষাত চিঞৰিব ধৰিলে।মুতাইয়ে স্পেনিছ নাজানিছিল আৰু ফাৰ্নাণ্ডেজে কিয় চিঞৰিছে বুজা নাছিল।ফাৰ্নান্দেজে,যি ঘটি আছিল বুজিব পাৰি মুতাইক জয়ৰ দিশে ঠেলি দিলে। পাছত “ফাৰ্নান্দেজ এনায়াক”, এজন সাংবাদিকে প্ৰশ্ন কৰিলে,”আপুনি কিয় এনে কৰিলে?”, ।ফাৰ্নাণ্ডেজে উত্তৰ দিলে,” মোৰ সপোন হ’ল, আমি এদিন এনে এটা কমিউনিটি গঠন কৰিম, য’ত আমি নিজকে আৰু আনকো জয়ী হ’বৰ বাবে ঠেলা মাৰি আগুৱাই দিম।” সাংবাদিক জনে জোৰ দি পুনৰ প্ৰশ্ন কৰিলে,” কিন্তু আপুনি কেনিয়াক কিয় জয়ী হ’বলৈ দিলে?” “মই তেওঁক জয়ী হ’বলৈ দিয়া নাছিলো, তেওঁ জয়ী হৈ আছলেই। দৌৰটো আছিল তেওঁৰ।

“,ফাৰ্নাণ্ডেজে কলে।সাংবাদিক জনে পুনৰ জোৰ দি প্ৰশ্ন কৰিলে, “কিন্তু আপুনি জয়ী হ’ব পাৰিলে হেতেন!”,।ফাৰ্নান্দেজে সাংবাদিক জনৰ ফালে অবাক দৃষ্টিৰে চায় কলে, ” তেতিয়া মোৰ বিজয়ী হোৱাৰ যোগ্যতা কি হ’ব?, এই পদৰ সন্মান কেনে হ’ব?, মোৰ মায়ে কি ভাবিব?”

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মূল্যবোধ সঞ্চাৰিত হয়। আমি আমাৰ সন্তানক কিমান মূল্যবোধ শিকাও? আমাৰ মূল্যবোধেৰে আনক কিমান অনুপ্ৰাণিত কৰো? নে আমাৰ অধিকাংশই অন্যৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিব বিচৰো?

মহিৰুদ্দিন আহমেদ

মহিৰুদ্দিন আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd