নগাঁৱত স্প্ৰে-গেঙৰ আতংক! মহিলাক ধৰ্ষণ কৰি লুটপাত,একে সপ্তাহতে পুনৰ অচেতন ৬জন

নগাঁৱৰ ধিঙত ‘স্প্ৰে-গেং’ বুলি চিনাক্ত চোৰৰ দল এটাই মহিলাক লুণ্ঠন আৰু ধৰ্ষণৰ অভিযোগৰ ধাৰাবাহিক কাণ্ডৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়। তথ্য অনুসৰি ৰাতি শুই থকা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে ৰাসায়নিক দ্ৰব্য ছটিয়াই এগৰাকী ৬০ বছৰীয়া মহিলাক ধৰ্ষণ কৰি তেওঁৰ বাসগৃহত ডকাইতি কৰাৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে নিশা ধিঙৰ শোলগুৰি বামগাঁৱত সংঘটিত হয় এই ঘটনা।

পাছত অচেতন অৱস্থাত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৃহস্পতিবাৰে ধিঙৰ নাম ডুমডুমীয়া গাঁৱৰ পৰাও একেধৰণৰ চুৰি কাণ্ডৰ বাতৰি পোৱা গৈছে। শুই থকা অৱস্থাত স্প্ৰে গেঙে ভেন্টিলেচনৰ জৰিয়তে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ পাছত দুটা পৰিয়ালৰ ৬ জন সদস্য অচেতন অৱস্থাত উদ্ধাৰ হয়। ১০৮ টা সেৱাৰ সহায়ত আত্মীয়ই ধিং এফ আৰ ইউত ভৰ্তি কৰে।

পিছত দুজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত হয়। কিন্তু চোৰে ঘৰবোৰ লুটপাত কৰাত ব্যৰ্থ হয়। স্প্ৰে গেঙৰ চুৰিৰ সংখ্যা বৃদ্ধি পোৱাত বৃহত্তৰ ধিং অঞ্চলৰ বাসিন্দাসকলে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে নিৰাপত্তাহীনতা আৰু হতাশ অনুভৱ কৰিছে।

এনে গোচৰৰ বৃদ্ধি আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰাত আৰক্ষীয়ে ব্যৰ্থ হোৱাৰ পাছতে বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধিং শাখাই স্থানীয় ৰাইজৰ লগতে স্প্ৰে চোৰৰ দলটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।