NORTHEAST NOW (Assamese)

অসমৰ বন্যাক্ৰান্তৰ বাবে নিজৰ আধা মাহৰ দৰমহা দান কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে

July 16, 2019 7:40 pm · এন ই নাও নিউজ
হিমা দাসৰ ফাইল ফটো

ৰাজ্যৰ প্ৰলয়ংকাৰী বানপানীৰ সময়ত অসমৰ জনসাধাৰণক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে চৰকাৰে বিভিন্ন জনলৈ মুক্তভাৱে সহায় বিচাৰিছে।

অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি দি ভাৰতৰ তাৰকা দৌৰবিদ আৰু অসম সন্তান হিমা দাসে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ আধা মাহৰ দৰমহা প্ৰদান কৰে।

উদীয়মান তাৰকা দৌৰবিদ গৰাকীৰ এনে পদক্ষেপে স্বাভাৱিকতে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে হিমা দাসে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি ৰাজ্যৰ সংকটৰ সময়ত বৃহৎ কৰ্পোৰেট গোষ্ঠী আৰু ব্যক্তিসকলক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

হিমাই নিজৰ টুইটাৰত এনেদৰে লিখিছে ‘‘ অসমৰ বান পৰিস্থিতি অতিশয় শোচনীয়, ৩৩ খন জিলাৰ ভিতৰত ৩০ খন জিলাই বৰ্তমান বানপানীত আক্ৰান্ত হৈছে। মই বৃহৎ কৰ্পোৰেট গোষ্ঠী আৰু ব্যক্তিসকলক আমাৰ ৰাজ্যখনৰ সংকটৰ সময়ত আগবাঢ়ি আহি সহায় কৰিবলৈ অনুৰোধ কৰিছো’’।

কলদো এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে হিমা বৰ্তমান চেক গণৰাজ্যত আছে।

উল্লেখযোগ্য যে, আঘাতৰ পৰা উভতি আহি হিমাই ট্ৰেক এণ্ড ফিল্ডত দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। হিমাই দূৰ্দান্ত প্ৰদৰ্শনেৰে এসপ্তাহৰ ভিতৰতে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Related News