DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Spurious liquor বিষাক্ত সুৰা পান কৰি ভাৰতত প্ৰতিদিনে মৃত্যু হয় তিনিজনতকৈ অধিক লোকৰ !

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 27, 2022 5:30 pm
91
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ বটাড জিলাত সংঘটিত বিষাক্ত সুৰা ট্ৰেজেডীয়ে ভাৰতত এনে সুৰা সেৱন কৰাৰ ফলত হোৱা মৃত্যুৰ ভয়াৱহ ছবি খন পুনৰ ফুটাই তুলিছে। গুজৰাটত বিষাক্ত সুৰা পান কৰি মৃত্যুৰ সংখ্যা এতিয়ালৈকে ৪০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে। বহুতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।

পশ্চিম বংগৰ হাওৰা জিলাতো কিছুদিন পূৰ্বে একেধৰণৰ দুৰ্ঘটনাই এক ডজন লোকৰ প্ৰাণ হৰি নিছিল। এই বছৰৰ আৰম্ভণিতে, হোলী উদযাপনৰ সময়ত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত সমগ্ৰ বিহাৰত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল। অথচ বিহাৰত সুৰা নিষিদ্ধ কৰা হৈছে। এনে সুৰা তৈয়াৰ কৰিবলৈ সস্তীয়া ডিষ্টিলড সুৰা (দেশী দাৰু) ঔদ্যোগিক এলকহল বা মিথানলৰ দ্বাৰা ভেজাল কৰা হয় ,যাতে ইয়াৰ নিচাযুক্ত শক্তি বৃদ্ধি কৰিব পাৰি। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্যই দেখুৱাইছে যে ২০১৬ ৰ পৰা ২০২০ চনৰ ভিতৰতদেশত বিষাক্ত সুৰা পান কৰি ৬,১৭২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে তিনিদনৰো অধিক লোকৰ বিষাক্ত সুৰা পান কৰি মৃত্যু হয়।

কেৱল মধ্য প্ৰদেশতে ভাৰতৰ বিষাক্ত সুৰা পান কৰি হোৱা মৃত্যুৰ এক পঞ্চমাংশ ঘটনা ঘটিছে।ৰাজ্য খনত অতি কম দিনৰ ভিতৰতে বিষাক্ত সুৰা পান কৰি ১,২১৪ জন লোকৰ মৃত্যু ঘটিছে। মধ্য প্ৰদেশৰ পিছত আছে কৰ্ণাটক (৯০৯), পঞ্জাৱ (৭২৫), ছত্তীশগড় (৫০৫), আৰু হাৰিয়ানা (৪৭৬)। একে সময়তে দিল্লীত ৯৪ জন, গুজৰাটত ৫০ জন আৰু বিহাৰত ২১ জন লোকৰ বিষাক্ত সুৰা পানৰ ফলত অতি শেহতীয়াকৈ মৃত্যু হৈছে। ২০০৯ চনত সুৰাৰ বিষক্ৰিয়াৰ ফলত গুজৰাটত ১৩৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। অনুসন্ধানত প্ৰকাশ পাইছে যে বোটাড জিলাৰ বিভিন্ন গাঁৱৰ লোকে বুটলেগাৰে মিথাইল এলকহল বা মিথানলৰ সৈতে পানী মিহলি কৰি নকল সুৰা প্ৰস্তুত কৰি আহিছে আৰু ইয়াক প্ৰতি পাউচত ২০ টকাত গাওঁবাসীক বিক্ৰী কৰি আহিছে।

 মহাৰাষ্ট্ৰ, গোৱা, লাডাখ, লাক্ষদ্বীপত নকল সুৰাৰ ফলত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হোৱা নাই। এনচিআৰবিৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰ, গোৱা, লাডাখ আৰু লক্ষদ্বীপ হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল য’ত নকল সুৰা সেৱনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য।

উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যই এই ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিছে। অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত এতিয়ালৈকে বিষাক্ত সুৰা পান কৰি এজনকৈ লোকৰ মৃত্যুৰ তথ্য আছে। পৰিসংখ্যাই দেখুৱাইছেযে ভাৰতত ২০১৭ চনত ১,১৫০ জন লোকৰ মৃত্যু বিষাক্ত সুৰা পান কৰাৰ ফলত হৈছিল।এই সংখ্যা ২০১৮ চনত ১,৩৬৫; ২০১৯ চনত ১,২৯৬ আছিল।২০২০ চনৰ তথ্যই দেখুৱাইছে যে ৮৯৫ জন পুৰুষ আৰু ৫২ গৰাকী মহিলাই বিষাক্ত সুৰা সেৱন কৰাৰ পিছত মৃত্যু বৰণ কৰিছিল।

মুম্বাইত ২০১৫ চনৰ জুন মাহত বিষাক্ত সুৰা সেৱন কৰাৰ পিছত মালৱানীৰ এটা বস্তিত ১০৬ জন লোকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত বেছিভাগ আছিল নিৰ্মাণ শ্ৰমিক, নৰ্দমা পৰিষ্কাৰ কৰা লোক আৰু চুইপাৰ । ২০১১ চনত পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ সংগ্ৰামপুৰত আন বিষাক্ত সুৰাৰ ট্ৰেজেডীত ১৭২ জন লোকৰ প্ৰাণ হেৰুৱাইছিল। ২০০৮ চনৰ মে মাহত কৰ্ণাটক আৰু তামিলনাডুত অবৈধ দোকানৰ পৰা নকল সুৰা সেৱন কৰি প্ৰায় ১৮০ জন লোকৰ মৃত্যু হয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd