Vladimir Putin: পুটিনৰ জীৱনকাল আৰু মাত্ৰ ৩ বছৰ; অন্ধ হ’বলৈ আগবাঢ়িছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি! চাঞ্চল্যকৰ খৱৰ

দ্ৰুতগতিত শেষ হৈ আহিছে সময়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আয়ুস এতিয়া আৰু বৰ বেছি তিনি বছৰ বাকী আছে। এক দুৰাৰোগ্য ৰোগৰ দ্বাৰা আক্ৰান্ত পুটিনৰ দৃষ্টিশক্তিও হেনো দুৰ্বল হৈ আহিছে। এক চাঞ্চল্যকৰ প্ৰতিবেদনত কৰা হৈছে এই দাবী।

ব্ৰিটিছ কাকত ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ৰ এক প্ৰতিবেদনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিষয়ে চাঞ্চল্যকৰ দাবী কৰা হৈছে। প্ৰতিবেদনখনত ৰাছিয়াৰ গুপ্তচৰ সংস্থা ফেডাৰেল চিকিউৰিটি চাৰ্ভিচ (এফএছবি)ৰ এজন চোৰাংচোৱা বিষয়াক উদ্ধৃত কৰা হৈছে।

কোৱা হৈছে যে পুটিন কৰ্কট ৰোগত আক্ৰান্ত (ভ্লাদিমিৰ পুটিন)। আৰু বৰ বেছি তিনি বছৰ বাকী আছে তেওঁৰ জীৱনকাল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দৃষ্টিশক্তিও দুৰ্বল হৈ আহিছে।

প্ৰতিবেদনখনত দাবী কৰা হৈছে যে উক্ত এফএছবি বিষয়াগৰাকীয়ে বৰ্তমান ব্ৰিটেইনত বাস কৰা এজন প্ৰাক্তন ৰাছিয়ান গুপ্তচৰ বৰিছ কাৰ্পিচকভলৈ এটা গোপন বাৰ্তা প্ৰেৰণ কৰিছে। তাতেই তেওঁ পুটিনৰ শাৰীৰিক অৱস্থা বৰ্ণনা কৰিছে।

কাৰ্পিচকভলৈ ৰাছিয়ান চোৰাংচোৱাৰ বাৰ্তাৰ এটা অংশ news.com.au দাঙি ধৰা হৈছে।

তাত কোৱা হৈছে,”আমাক কোৱা হৈছে যে তেওঁ (পুটিন) তীব্ৰ মুৰৰ বিষত ভুগি আছে। টিভিত কথা কওঁতে সকলোবোৰ কাগজত ডাঙৰ আখৰেৰে লিখি দিব লাগে। তেওঁৰ চকুৰ দৃষ্টি ক্ৰমান্বয়ে হ্ৰাস পাইছে।”

ইফালে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে পুটিনৰ শাৰীৰিক অৱস্থা সম্পৰ্কে সকলো জল্পনা-কল্পনা নস্যাৎ কৰিছে। দেওবাৰে এক ফৰাচী সংবাদমাধ্যমত লাভৰভে স্পষ্ট কৰি কয়, “পুটিনৰ কোনো শাৰীৰিক সমস্যা নাই। মই নাভাবো যে এজন মানসিকভাৱে স্বাস্থ্যৱান মানুহে তেওঁৰ শৰীৰত ৰোগৰ কোনো লক্ষণ বিচাৰি পাব। তেওঁ অহা অক্টোবৰত ৭০ বছৰীয়া হ’ব। পুটিন প্ৰতিদিনে ৰাজহুৱাকৈ সন্মুখলৈ আহি আছে। আপোনালোকে তেওঁক টিভিত দেখা পাব। আপোনালোকে তেওঁৰ ভাষণ শুনিব পাব।”

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা কেইবাটাও প্ৰতিবেদনত দাবী কৰি অহা হৈছে যে পুটিন অসুস্থ। দাবী কৰা হৈছে যে কৰ্কট ৰোগত আক্ৰান্ত পুটিনে অস্ত্ৰোপচাৰৰ বাবে সোনকালে লোকচক্ষুৰ পৰা আঁতৰ হ’ব। তেওঁৰ অনুপস্থিতিত দেশখন ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী নিকোলাই পেট্ৰোশ্বেভৰ হাতত থাকিব।

প্ৰশ্ন হৈছে, পুটিনে অস্থায়ীভাৱে পেট্ৰোশ্বেভৰ হাতত কিয় ক্ষমতা এৰি দিছে? উত্তৰত কোৱা হৈছে যে  ইউক্ৰেইন অভিযানৰ আঁৰৰ মূল পৰিকল্পনাকাৰী হৈছে পেট্ৰোশ্বেভ। তেওঁৱেই পুটিনক প্ৰত্যয় নিয়াইছিল যে কীয়েভ নৱ-নাজীসকলৰ দুৰ্গ হৈ পৰিছে।

তদুপৰি, পেট্ৰোশ্বেভ ছোভিয়েট আমোলত কুখ্যাত গুপ্তচৰ সংস্থা কেজিবিৰ মুৰব্বী আছিল। তাৰপিছতে তেওঁ ৰাছিয়াৰ চোৰাংচোৱা সংস্থা এফএছবিৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।