‘ভাৰতৰো হৈছিল শ্ৰীলংকাৰ দৰে পৰিস্থিতি’-শ্ৰীলংকাৰ সাংসদৰ এই দাবীৰ আঁৰত কি কাহিনী?

শ্ৰীলংকা এতিয়া যিধৰণৰ পৰিস্থিতিত আছে, ১৯৯১ চনত ভাৰতৰো একেই অৱস্থা হৈছিল। সেইদৰে ভাৰতৰ দৰে শ্ৰীলংকাইও এই বিপদ অতিক্ৰম কৰিব। কিন্তু তাৰবাবে সকলো ৰাজনৈতিক দল একত্ৰিত হ’ব লাগিব।

এই দাবী উত্থাপন কৰিছে শ্ৰীলংকাৰ সাংসদ তথা বিৰোধী নেতা হৰ্ছ ডি চিলভাই। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়ত তেওঁ এই কথা কয়।

তেওঁ ঠিক কি কৈছিল? তেওঁৰ ভাষাত, ‘’এই মুহূৰ্তত শ্ৰীলংকাৰ পৰিস্থিতি ১৯৯১ চনৰ ভাৰতৰ দৰেই। সেই সময়ত ডঃ মনমোহন সিং আৰু মণ্টেক সিং আলুৱালিয়াৰ দক্ষতা আৰু সকলো ৰাজনৈতিক দলৰ ঐক্যই পৰিস্থিতি পুনৰ সুস্থ হৈ উঠাত সম্ভৱ কৰি তুলিছিল। শ্ৰীলংকাইও ইয়াৰ পৰা ওলাই আহিব পাৰিব, যদিহে সকলো ৰাজনৈতিক দল একত্ৰিত হয়। কিন্তু দলবোৰ বিচ্ছিন্ন হ’লে পৰিকল্পনা বিফল হ’ব৷ ৰাষ্ট্ৰপতিয়ে এনে এক মঞ্চ সৃষ্টি কৰাটো প্ৰয়োজন য’ত সকলো দলে একেলগে থিয় দিব পাৰে।’’

লগতে পঢ়ক: পুনৰ চাপত পুটিন! খাৰকিভ ইউক্ৰেইনৰ দখলত, ৰাছিয়াৰ সেনা প্ৰত্যাহাৰ

ইপিনে, নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছত শ্ৰীলংকাই লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ চেষ্টা চলাইছে। শনিবাৰে ১২ ঘণ্টাৰ বাবে প্ৰত্যাহাৰ কৰা হৈছিল সান্ধ্য আইন। বিক্ৰমাসিংঘে প্ৰতিবাদকাৰীক সন্তুষ্ট কৰিবলৈ ইতিমধ্যে শ্ৰীলংকাৰ পদুজনা পেৰামুনা দলৰ চাৰিজন নেতাক মন্ত্ৰী হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, যোৱা মাহতে শ্ৰীলংকাৰ প্ৰশাসনে স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ বাবে ঋণ পৰিশোধ কৰাটো সম্ভৱ নহ’ব। নিজকে দেউলীয়া ঘোষণাও কৰিছে শ্ৰীলংকাৰ প্ৰশাসনে। এনে অৱস্থাত শ্ৰীলংকাই প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভুগিছে।

লগতে পঢ়ক: দ্ৰুত উত্থান, নাটকীয় পতন; বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী

বিগত কেইসপ্তাহমানৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে প্ৰতিবাদকাৰীয়ে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল মহিন্দা ৰাজাপাক্ষই। হিংসাত্মক প্ৰতিবাদৰ সন্মুখীনহৈ তেওঁ কলম্বোত থকা ঘৰৰ পৰা পলায়ন কৰে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰৰ দাবীত আদালতত আবেদন দাখিল কৰা হৈছে’।