• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্ৰীকান্ত : ৰাজকুমাৰ ৰাওৰ আন এখন মনোগ্ৰাহী ছবি

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 7, 2024 8:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজকুমাৰ ৰাওৰ অনুৰাগী বা বলীউডৰ ছবিৰ খবৰ ৰখাসকলৰ বাবে ছবিখনৰ নামটো অচিনাকি নহয়। ভাৰতৰ এজন বিখ্যাত তথা প্ৰতিষ্ঠিত উদ্যোগপতি শ্ৰীকান্ত ব’ল্লাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি শ্ৰীকান্ত। অন্ধ্ৰপ্ৰদেশৰ এখন অতি পিছপৰা গাঁ‌ৱাৰ পৰা আহি কিদৰে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’ল’জিত অধ্যয়ন কৰিবলৈ সক্ষম হয় সেয়া এক উল্লেখনীয় যাত্ৰা শ্ৰীকান্তৰ। অৱশ্যেই লগতেই ছবিখনৰ আন এক উল্লেখনীয় দিশ হৈছে যে শ্ৰীকান্ত ব’ল্লা ব্যক্তিজন দৃষ্টিশক্তি নোহোৱা এজন ব্যক্তি। সেয়ে তেওঁৰ এই অনুপ্ৰেৰণাদায়ী যাত্ৰাক চলচ্চিত্ৰৰ ৰূপত সজাই তোলা হৈছে। যৌথভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে জগদ্বীপ সিদ্ধু আৰু সুমিত পুৰোহিতে। নামভূমিকা অভিনয় কৰিছে ৰাজকুমাৰ ৰাওৱে। গত ১০ মে’ তাৰিখে মুক্তিপ্ৰাপ্ত ছবিখন বৰ্তমানেও ছবিগৃহত চলি আছে।

দৃষ্টিশক্তিহীনেও হওক অথবা কোনোধৰণে কায়িকভাৱে কিছু অক্ষমতা থাকিলেই,সাধাৰণতে সেই ব্যক্তিজন হয় পুতৌৰ পাত্ৰ হয়,নতুবা উপেক্ষাৰ পাত্ৰ হয়। বহুক্ষেত্ৰত যিদৰে মানসিক ৰোগীৰ ক্ষেত্ৰতো হয়। জন্মগতভাৱেই কিছুলোক কোনো কায়িক অক্ষমতা লৈ জন্ম ল’লে,সাধাৰণতে সেই শিশুটিক লৈ আন হে নেলাগে,নিজ পিতৃ-মাতৃৰেই দৃষ্টিভংগী কি ধৰণৰ হ’বগৈ পাৰে,তাৰ কোনো নিশ্চয়তা নেথাকে। অন্ধ্ৰপ্ৰদেশৰ সেই ভিতৰুৱা গাওঁখনৰ খাটিখোৱা পৰিয়ালটিৰ ঘৰতো দৃষ্টিশক্তিহীন শ্ৰীকান্ত জন্ম হোৱাত এনে এক পৰিস্থিতিৰে সৃষ্টি হৈছিল। অতি নিদাৰুণভাৱে,নিজ পিতৃয়েই জীয়াই জীয়াই শ্ৰীকান্তক গাতত পুতিবলৈ ওলাইছিল। মাকৰ বুজনি আৰু ক্ৰন্দনত হে তেওঁ থমকি ৰৈছিল। পৰৱৰ্তী পৰ্যায়ত এজন সফল,প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱা পৰ্যন্ত শ্ৰীকান্ত ব’ল্লাৰ সমগ্ৰ জীৱনকাহিনীক ছবিখনত তুলি ধৰা হৈছে। এই শ্ৰীকান্তৰ যাত্ৰাপথ কোনোপধ্যেই সুচল নাছিল। প্ৰাথমিক শিক্ষা গ্ৰহণৰ পৰা উচ্চ শিক্ষা গ্ৰহণ পৰ্যন্ত তেওঁৰ দৃষ্টিশক্তিহীনতা তেওঁৰ বাটৰ কন্টক হৈছিল। না না,যদিহে আপুনি তেওঁ এজন দুৰ্বল শিক্ষাৰ্থী বুলি ভাবিছে-তেনে আপুনি ভুল। তেওঁ এজন অতি উজ্জল তথা উৰ্বৰ মস্তিষ্কৰ ছাত্ৰ আছিল। পিছে লগতেই আছিল চৌপাশৰ মানুহ,পৃথিৱীৰ পৰা পোৱা আচৰণৰ প্ৰতি ক্ষোভ,খঙো। এষাৰ খুব ভাল লগা কথা চিনেমাখনত শ্ৰীকান্তৰ সংলাপৰূপে আৰম্ভণিৰে পৰাই দুবাৰমান ব্যৱহাৰ কৰা হৈছে-“মে অন্ধা হু,মে ভাগ নেহী চাকতা,মে লড় চাকতা হু”(মই যিহেতু অন্ধ,গতিকে মই পলাব নোৱাৰো,মই মাথোঁ‌ যুঁজিব পাৰো)। এই সংলাপটিয়ে শ্ৰীকান্তৰ দুৰ্বাৰ মনোবল আৰু ইচ্ছাশক্তিক দৰ্শাই। শ্ৰীকান্তৰ বাবে নিজ যাত্ৰাপথত প্ৰতিবন্ধকতা অলেখ আছিলে। উচ্চশিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিজ্ঞানক মুল বিষয়ৰূপে লোৱাৰ সুযোগৰ পৰাও বঞ্চিত হৈছিল। হৈয়ো কিন্তু শ্ৰীকান্ত থমকি ৰোৱা নাছিল। আদালতত গোচৰ তৰিছিলে আৰু গোচৰ জিকি তেওঁৰ নামভৰ্তি কৰিবলৈ নুই কৰা মহাবিদ্যালয়ত পুনৰ নিজৰ নাম লিখাই অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। যাৰ ফলস্বৰূপে,দেশৰ আন আন দৃষ্টিশক্তিহীন ছাত্ৰসকলৰ বাবে বিজ্ঞানক বিষয় স্বৰূপে লৈ অধ্যয়নৰ বাট প্ৰশস্ত কৰি তুলিছিলে। মহাবিদ্যালয়ৰ পিছত পুনৰাই দেশৰ কোনো আই আই টিত অধ্যয়নৰ সুবিধা নেপালে শ্ৰীকান্তে। এইবাৰ শ্ৰীকান্ত ৰৈ নেথাকিল,যাত্ৰা কৰাৰ প্ৰস্তুতি চলালে এম আই টি লৈ। তেতিয়ালৈকে শ্ৰীকান্তৰ হেপাঁ‌হৰ ক্ৰিকেট খেলো খেলাৰ দিশত বহুখিনি আগবাঢ়ি গৈছিল। দেশৰ বাবে ক্ৰিকেট খেলা বাদ দি শ্ৰীকান্ত অধ্যয়ন কৰিবলৈ আমেৰিকালৈ। তাত সফলতাৰে অধ্যয়ন সমাপ্ত কৰাৰ পিছত কিদৰে এজন প্ৰতিষ্ঠিত উদ্যোগপতি হৈ উঠে,কিদৰে ভিন্নধৰণে কায়িকভাৱে অক্ষমতা থকা ব্যক্তিক কৰ্মত নিয়োজিত কৰি ব’লান্ট নামৰ উদ্যোগ স্থাপন কৰিলে-তাৰ সম্পূৰ্ণ দৃশ্যায়ন কৰা হৈছে।

Apply Now

ছবিৰ আৰম্ভণিৰে পৰাই কাহিনী গতিশীল। ক’তো বিশেষ আমনি নলগাকৈ ছবিখন আগবাঢ়ে। যদিওবা এখন একপ্ৰকাৰ সু-সংৰচিত চিত্ৰনাট্যই বুলিব পাৰি,তথাপিও ছবিখনত আৰু কিছু উৎসাহজনক উপাদানক উপজ্জীব্যৰূপে প্ৰতিষ্ঠা কৰাৰ থল ৰৈ গ’ল,যিখিনি থকাহয় ছবিখনক অনুপ্ৰেৰণামূলক ধাৰাৰ ছবিৰ এক অন্য আৱেগৰ মাত্ৰাই দৰ্শকক চুই যাব পাৰিলেহেঁতেন। লগতেই,কিছু অংশত ছবিখন আৰু অলপ নাতিদীৰ্ঘ হোৱাৰ থল আছিল যেনো অনুভূত হ’ল। গতিকেই সম্পাদনাকো খুব ভাল হোৱা বুলিব নোৱাৰি। বহু সময়ত ছবিখনত শক্তিশালী সংলাপৰ ব্যৱহাৰ কৰা হৈছে। প্ৰমথ মেহতাৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। ছবিখনৰ এটি ভাল লগা দৃশ্যৰ বিষয়ে এইখিনিতে উল্লেখ কৰিব লাগিব। এটা সময়ত নিজ কাৰ্যক্ষেত্ৰতেই অতি হীনমন্যতাৰ লগতেই অহমিকাত ভোগা শ্ৰীকান্তৰ মানসিক অৱস্থা আৰু কাষত ডাম্পাৰেৰে জাবৰ পেলাই থকাৰ দৃশ্যটো প্ৰতীকীৰূপত এক সুন্দৰ দৃশ্য। সমাজৰ পৰা ৰাজনীতি পৰ্যন্ত দৃষ্টিশক্তিহীন জনৰ প্ৰতি মানসিকতাক লৈ ছবিখনৰ কিছু কিছু ঠাইত তীক্ষ্ণ ব্যংগ কৰা হৈছে। হাস্যৰসৰো উপস্থাপন আছে। ঈশান চ্চবৰাৰ আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। সমগ্ৰ ছবিখনতেই মাজে মাজে বিখ্যাত তথা জনপ্ৰিয় কয়ামত চে কয়ামত তক চিনেমাৰ “পাপা কেহতে হে”গীতটোক নেপথ্যত ব্যৱহাৰ কৰা হৈছে। মুঠতে আপুনি শ্ৰীকান্ত ব’ল্লাৰ জীৱন কাহিনী চাবলৈ গৈ নিৰাশ নহয়।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব অনবদ্য অভিনেতা ৰাজকুমাৰ ৰাওৰ। শ্ৰীকান্তৰ ভূমিকাত ইমানেই নিখুঁতৰূপত ৰাজকুমাৰ ৰাও খাপ খাই পৰিছে যে-সেইজন ৰাজকুমাৰ ৰাও নহৈ,শ্ৰীকান্ত ব’ল্লা বুলিহে সমগ্ৰ চিনেমাখনত অনুভৱ হৈ থাকিল। তেওঁৰ পিছতেই আহি পৰে শ্ৰীকান্তৰ শিক্ষক জ্যোতিকাৰ পৰিপক্ক অভিনয়। শ্ৰীকান্ত ব’ল্লাই নিজকে দৃষ্টিশক্তিহীনৰূপে দুৰ্বল এজন বুলি নেভাবে। সকলোতে সমস্থান,সম-অধিকাৰ আৰু সুবিধা পালে কায়িক দিশত বাধাগ্ৰস্ত সকলো আন দহজনৰ দৰেই স্বাভাৱিক তথা সমান বুলি বিশ্বাস কৰে তেওঁ। গতিকেই বিশেষ শাখাত দিয়া সফল উদ্যোগপতিৰ বঁ‌টা তেওঁ ঘূৰাই দিয়ে এই কথা কৈ যে-আন সকলোৰে লগত সমানে হোৱা প্ৰতিযোগিতাত যদিহে তেওঁক এই বঁ‌টা দিয়া হয়,তেওঁ ভৱিষ্যতে নিশ্চয়কৈ গ্ৰহণ কৰিব। মূল বাৰ্তাও ছবিখনৰ এয়াই-শাৰিৰীক সীমাবদ্ধতাক নেওচিও সকলোৱে দিয়া সমতা। দিব্যাংগ নহয়,স্বাভাৱিক মানুহ তেওঁলোকো। অন্তিম দৃশ্যত এটি যোগাত্মক দৃষ্টিভংগীৰে দিয়া তীক্ষ্ণধি ভাষণৰ পিছত কেমেৰা ৰয়গৈ টেবুলৰ ওপৰত থকা শ্ৰীকান্তৰ ষ্টিকডালত। এক ভাল লগা অন্ত।

 

-ৰিমলী বৰকটকী।

mail:[email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd