১৯৫৪ চনৰ ১৪ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত এটা মাৰাঠা পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰীকান্ত জিচকাৰে শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব দৃষ্টান্ত স্থাপন কৰিছিল। তেওঁক ভাৰতৰ আটাইতকৈ বেছি শিক্ষিত ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁ ১৭ বছৰৰ ভিতৰত দেশৰ ৪২ খন ভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল আৰু মুঠ ২০ টা ভিন্ন বিষয়ত ডিগ্ৰী লাভ কৰিছিল।
শিক্ষাজীৱনৰ আৰম্ভণিত তেওঁ চিকিৎসাশাস্ত্ৰৰ অধ্যয়ন কৰে। দ্বাদশ মান পাৰ কৰাৰ পিছত নাগপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ আৰু তাৰ পিছত এম.ডি. ডিগ্ৰী লাভ কৰে। তাৰ পিছতেই তেওঁ আইন শাস্ত্ৰত স্নাতক আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
পিছলৈ তেওঁ বিজনেছ এডমিনিষ্ট্ৰেচন, সাংবাদিকতা, সমাজবিজ্ঞান, অৰ্থনীতি, ইতিহাস, ইংৰাজী সাহিত্য, দৰ্শন, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, আৰু পুৰাতত্ত্বৰ দৰে নানা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ সংস্কৃতত ডক্টৰেট অব লিটাৰেচাৰ (D.Litt) ডিগ্ৰী লাভ কৰিছিল। লগতে চিত্ৰকলা, ফটোগ্ৰাফী আৰু অভিনয়ৰো পাঠ গ্ৰহণ কৰিছিল।
কেৱল শিক্ষা-ক্ষেত্ৰতেই নহয়, তেওঁ ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা ইউপিএছচিতো দুবাৰ সফল হৈছিল। প্ৰথমে আইপিএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰি চাৰিমাহৰ পিছতে পদত্যাগ কৰি পুনৰ ইউপিএছচি দি আইএছ বিষয়া হয়। কিন্তু নিজৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু সমাজ সেৱাৰ মনোভাৱৰ বাবে তেওঁ চৰকাৰী সেৱা ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰে।
১৯৮০ চনত কেৱল ২৬ বছৰ বয়সতে তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, আৰু সেই সময়ত তেওঁ দেশৰ আটাইতকৈ কম বয়সীয়া বিধায়ক আছিল। পিচত তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰে।
১৯৯২-১৯৯৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৯৮ আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাণ্ডাৰা-গণ্ডিয়া আৰু ৰামটেক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও দুয়োবাৰেই সংকীৰ্ণ ব্যবধানত পৰাস্ত হয়। শিশু শিক্ষাৰ বাবে তেওঁৰ গভীৰ আগ্ৰহ আছিল। তেওঁ নাগপুৰত এখন বিদ্যালয় স্থাপন কৰিছিল য’ত প্ৰায় ৫২ হাজাৰ গ্ৰন্থৰ সৈতে ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰাল আছে। শ্ৰীকান্ত জিচকাৰৰ জীৱন শিক্ষাৰ প্ৰতি অক্লান্ত সাধনাৰ এক উজ্জ্বল উদাহৰণ।