• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 3:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫৪ চনৰ ১৪ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত এটা মাৰাঠা পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰীকান্ত জিচকাৰে শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব দৃষ্টান্ত স্থাপন কৰিছিল। তেওঁক ভাৰতৰ আটাইতকৈ বেছি শিক্ষিত ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁ ১৭ বছৰৰ ভিতৰত দেশৰ ৪২ খন ভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল আৰু মুঠ ২০ টা ভিন্ন বিষয়ত ডিগ্ৰী লাভ কৰিছিল।

শিক্ষাজীৱনৰ আৰম্ভণিত তেওঁ চিকিৎসাশাস্ত্ৰৰ অধ্যয়ন কৰে। দ্বাদশ মান পাৰ কৰাৰ পিছত নাগপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ আৰু তাৰ পিছত এম.ডি. ডিগ্ৰী লাভ কৰে। তাৰ পিছতেই তেওঁ আইন শাস্ত্ৰত স্নাতক আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

Apply Now

পিছলৈ তেওঁ বিজনেছ এডমিনিষ্ট্ৰেচন, সাংবাদিকতা, সমাজবিজ্ঞান, অৰ্থনীতি, ইতিহাস, ইংৰাজী সাহিত্য, দৰ্শন, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, আৰু পুৰাতত্ত্বৰ দৰে নানা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ সংস্কৃতত ডক্টৰেট অব লিটাৰেচাৰ (D.Litt) ডিগ্ৰী লাভ কৰিছিল। লগতে চিত্ৰকলা, ফটোগ্ৰাফী আৰু অভিনয়ৰো পাঠ গ্ৰহণ কৰিছিল।

কেৱল শিক্ষা-ক্ষেত্ৰতেই নহয়, তেওঁ ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা ইউপিএছচিতো দুবাৰ সফল হৈছিল। প্ৰথমে আইপিএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰি চাৰিমাহৰ পিছতে পদত্যাগ কৰি পুনৰ ইউপিএছচি দি আইএছ বিষয়া হয়। কিন্তু নিজৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু সমাজ সেৱাৰ মনোভাৱৰ বাবে তেওঁ চৰকাৰী সেৱা ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰে।

১৯৮০ চনত কেৱল ২৬ বছৰ বয়সতে তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, আৰু সেই সময়ত তেওঁ দেশৰ আটাইতকৈ কম বয়সীয়া বিধায়ক আছিল। পিচত তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰে।

১৯৯২-১৯৯৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৯৮ আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাণ্ডাৰা-গণ্ডিয়া আৰু ৰামটেক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও দুয়োবাৰেই সংকীৰ্ণ ব্যবধানত পৰাস্ত হয়। শিশু শিক্ষাৰ বাবে তেওঁৰ গভীৰ আগ্ৰহ আছিল। তেওঁ নাগপুৰত এখন বিদ্যালয় স্থাপন কৰিছিল য’ত প্ৰায় ৫২ হাজাৰ গ্ৰন্থৰ সৈতে ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰাল আছে। শ্ৰীকান্ত জিচকাৰৰ জীৱন শিক্ষাৰ প্ৰতি অক্লান্ত সাধনাৰ এক উজ্জ্বল উদাহৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd