• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা উদ্বোধন

সংঘই সদায় ৰাইজৰ কাৰণে আৰু জনগণৰ কাৰণে কাম কৰি আহিছে- কমলাকান্ত গগৈ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 20, 2021 2:54 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ ট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা কাৰ্যালয় উদ্বোধন কৰা হয় ৷

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বহুমুখী কাৰ্যসূচীৰ লগতে নিবনুৱা সংস্থাপন আৰু সংগীসকলৰ আৰ্থিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডে বিভিন্ন জিলাত শাখা স্থাপন কৰি আহিছে ৷

Apply Now

ইয়াৰ অংশ হিচাপে দেওবাৰে বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ সহযোগত দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত চ’চাইটিৰ ২৫ সংখ্যক বঙাইগাঁও শাখাটো মুকলি কৰা হয় ৷

শাখা কাৰ্যালয়টো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সংঘৰ পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় ৰাইজৰ কাৰণে আৰু জনগণৰ কাৰণে কাম কৰি আহিছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা মানৱ সেৱাৰ অনুষ্ঠান৷

সেয়ে মানৱ সেৱাত যাতে খেলিমেলি নকৰো আৰু মানৱ সেৱা যাতে সম্পূৰ্ণকৈ কৰিব পাৰো সেই উদ্দেশ্যে ইয়ালৈ আহিছো ৷ তেওঁ লগতে কয় যে যি কোনো কামতে টকা পইচাৰ দৰকাৰ হয় ৷

কিন্তু সেই টকা সদভাৱে উপাৰ্জন কৰিব লাগিব আৰু খৰচ কৰিব লাগিব ৷ লগতে সদভাৱে কাম কৰিব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বাস আছে আমি এই কাম কৰিব পাৰিম ৷ সংঘই ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ২৪ টা শাখা মুকলি কৰিছে ৷ এইটো ২৫ নং শাখা মুকলি কৰা হৈছে ৷

এই ২৫ নং শাখাৰ যোগেদি যাতে বঙাইগাঁও , কোকৰাঝাৰ আৰু বিজনী এই তিনিখন জিলা শাখাৰ বাপ, আই মাতৃসকল বিশেষকৈ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ যাতে উন্নতি হয় আৰু কৰ্মসংস্থাপন পায় তাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে ৷

ইতিমধ্যে ২৪ টা শাখাত ৫৪ জন কৰ্মচাৰী আছে ৷ তাৰোপৰি আঠ লক্ষ টকা ভকতে এই অনুষ্ঠান অৰ্থাৎ বেংকৰ পৰা ঋণ লৈ বিভিন্ন কামত খটুৱাইছে ,উন্নতি হৈছে ৷

সেয়ে এই তিনিখন জিলা শাখাৰ বাপ বান্ধৱসকলে কথাটো বুজি পাই তথা উপলব্ধি কৰি ইয়াত এটা শাখা খুলিছে ৷ এই শাখাৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ উন্নতি হ’ব আৰু হাজাৰ হাজাৰজনে কৰ্মসংস্থাপন লাভ কৰিব ৷

আনহাতে জনগোষ্ঠীয় লোকৰ মাজত শংকৰদেৱ সংঘ সোমাব পাৰিছে নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিশ্চয় সোমাব পাৰিছে ৷ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘত জাত – পাতৰ কোনো কথা নাই ৷

আমাৰ কথা হ’ল আমি সকলো মানুহ আৰু মানুহ হিচাপে সকলোৱে মিলি থাকি মানুহৰ উন্নতিৰ কাৰণে কাম কৰিম ৷ সেইদৰে সত্ৰ আৰু নামঘৰৰ মাটি বেদখল হোৱা সন্দৰ্ভত কয় যে যিসকলে বেদখল কৰিছে তেওঁলোকে তেনে অনাহক চিন্তা যাতে নকৰে ৷

লগতে আমি চৰকাৰক অনুৰোধ জনাইছো যে যিবিলাক সত্ৰ অনুষ্ঠান আৰু যিবিলাক নাম ঘৰ আছে সেইবোৰ বেদখলমুক্ত কৰক ৷ ইপিনে সংঘৰ অধিৱেশন সন্দৰ্ভত প্ৰধান সম্পাদক বাবুল বৰাৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰিলো ৷

অধিৱেশনখন ডিব্ৰুগড়ে অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্ত এইবেলি ১২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত আমি আদৰণি সমিতি গঠন কৰিছো ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নিকটৱৰ্তী ৰাঙলী পথাৰত এইবাৰ অধিৱেশ পতাৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছো ৷
সমগ্ৰ অসমৰ ৰাইজক জনাব বিচাৰিছো যে চৰকাৰীভাৱে ক’ভিড সংক্ৰান্তীয় যি এছঅপি থাকিব বা নীতি – নিৰ্দেশনা থাকিব আৰু সেইখিনি সময়লৈকে যেনে হ’ব সেয়া মানি চলা হ’ব ৷

অৱশ্যে এইবাৰ নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু সীমিতকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ তাত যিখিনি ব্যৱসায় – বাণিজ্য প্ৰতিষ্ঠানৰ কথা থাকে সেইখিনিও সীমিতকৰণ কৰা হ’ব আৰু কাৰ্যসূচীৰ ক্ষেত্ৰতো সীমিতকৰণ কৰিম ৷ এছঅপি সম্পূৰ্ণ মানি চলা হ’ব , ভেকচিনেচনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বিধি ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ডিব্ৰুগড়ে সাজু হৈছে ৷

অধিৱেশন মানে দ্বিতীয় বৈকুণ্ঠ ৷ লক্ষ লক্ষ মানুহে এই অধিৱেশনলৈ অপেক্ষা কৰি থাকে ৷গতিকে তেওঁলোকে আশা কৰি আছে যে অধিৱেশনখন হ’ব লাগে৷ পূৰ্বেই ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে দিন ঠিৰাং কৰা হৈছিল ৷ হয়তো এদিন কমিব পাৰে বা ইফাল সিফাল হ’ব পাৰে ৷

ইয়াৰ পূৰ্বে আমি এদিন বহি সকলো পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আলোচনা কৰিম ৷ পৰিস্থিতিৰ সপক্ষেহে আমাৰ গোটেই কাৰ্যসূচী ৷ পৰিস্থিতিক বাদ দি আমি অনুষ্ঠান কৰাৰ চিন্তা নকৰো ৷

গতিকে পৰিস্থিতি যেনেকুৱা হ’ব সেইমতে আমি অনুষ্ঠান পাতিম ৷ উল্লেখ্য যে কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্বোধন কৰে ৷

সভাত পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত সংঘৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে চ’চাইটিৰ বিষয়ববীয়া, বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ মূলৰ সদস্য, সংঘৰ তিনিওখন জিলা শাখাৰ সভাপতি আদিও উপস্থিত থাকে ৷ উল্লেখ্য যে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম – প্ৰসংগ অনুষ্ঠিত হয়৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd