NORTHEAST NOW (Assamese)

কৰ্দৈ খাওঁতে সাৱধান; বিকল হ’ব পাৰে আপোনাৰ কিডনি!

October 26, 2019 2:22 pm · এন ই নাও নিউজ
Updated: October 26, 2019 5:58 pm

কৰ্দৈ খোৱাৰ ফলত বিকল হৈছে কিডনি! চিকিৎসকসকলো চিন্তিত হৈ পৰিছে। কিন্তু আমাৰ সকলোৰে প্ৰিয় এই টেঙা ফল বিধত আছেনো কি?

বিশেষজ্ঞসকলৰ মতে, কৰ্দৈ অত্যধিক পৰিমাণে অক্স’লেট আৰু নিউৰো টক্সিন থাকে। ইয়েই কিডনিৰ বাবে মাতি আনে সৰ্বনাশ।

কোৱা হৈছে কেবল বিপদেই নহয়, মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে ই। সেয়েহে, নেফ্ৰ’লজিষ্ট বা কিডনি বিশেষজ্ঞৰ সাৱধানবাণী ‘নাখাব কৰ্দৈ’।

বিশেষকৈ যিসকলৰ পৰিয়ালত কিডনিৰ ৰোগৰ ইতিহাস আছে তেওঁলোকে কৰ্দৈ সৈতে সম্পৰ্ক ছিন্ন কৰক। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ কাৰণেও কৰ্দৈ ক্ষতিকাৰক।

কিডনি বিনষ্ট কৰিব পৰা কৰ্দৈৰ এই বৈশিষ্ট্য সম্পৰ্কে বহুতেই নাজানে। যাৰ বাবে কৰ্দৈৰ তৃপ্তি ল’বলৈ গৈ বহুলোকে জীৱনলৈ মাতি আনিছে বিপদ।

গ্ৰাম্য জীৱনত কৰ্দৈ অতি জনপ্ৰিয় টেঙা হিচাপে খোৱা হয়। নিমখ জলকীয়া সানি কেঁচাই খোৱাৰ উপৰি বহুতেই ইয়াৰ ৰান্ধিও খায়। কিডনিৰ সমস্যা নাথাকিলে এটুকুৰা কৰ্দৈ খোৱাটো সিমান বিপদজনক নহয়।

কিন্তু কিডনিৰ সমস্যা থাকিলে কৰ্দৈৰ পৰা দূৰতে থকাই মংগলজনক। কেঁচা বা টেঙা কৰ্দৈৰ ৰস অধিক ক্ষতিকাৰক। মিঠা কৰ্দৈ সিমান ক্ষতিকাৰক নহয়।

তথাপি উচ্চ ৰক্তচাপ, ডায়েবেটিছ তথা মেদ বহুলতাত ভোগা আৰু কিডনিৰ ৰোগত আক্ৰান্ত হৈ আছে বা যিসকলৰ বংশনুক্ৰমিক কিডনি ৰোগৰ ইতিহাস আছে তেওঁলোকে কৰ্দৈ খোৱাৰ পৰা আঁতৰি থাকক।

গৱেষণাত পোৱা মতে, প্ৰায় ১০০ মিলিলিটাৰ কৰ্দ্দৈৰ ৰসত ০.৫০ গ্ৰাম অক্সিলিক এছিড থাকে। তদুপৰি, কৰ্দৈত আছে নিউৰো টক্সিন।

যিসকলৰ কিডনি দুৰ্বল বা কাৰ্যক্ষম নহয় তেওঁলোকৰ কিডনিয়ে মাৰাত্মক এই নিউৰো টক্সিন বাহিৰলৈ উলিয়াই দিব নোৱাৰে। তেতিয়া ই ব্ৰেইন তথা নাৰ্ভাছ চিষ্টেমৰ ওপৰত মাৰাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

ইয়াৰ ফলত মূৰ ঘুৰণি, মানসিক ভাৰসাম্য হেৰুওৱা, অজ্ঞান হৈ পৰা আদিৰ উপৰি কমা’ত গুচি চোলাৰ দৰে ঘটনাও সংঘটিত হ’ব পাৰে।

ডায়েলেছিছ চলি থকা বা কিডনিত ষ্ট’ন থকাসকলে কৰ্দৈ খালে মৃত্যুক আমন্ত্ৰণ কৰাৰ দৰে হ’ব পাৰে।

সেইবুলি কৰ্দৈ একেবাৰে বেয়া বুলি কোৱাটোও সমীচীন নহ’ব। কৰ্দৈৰ বহু ঔষধি গুণ আছে। ই ৰুচি আৰু হজম শক্তিবৰ্ধক। পেটৰ বিষত কৰ্দৈ উপকাৰী। অন্ত্ৰৰ কৰ্কট প্ৰতিৰোধতো উপযোগী কৰ্দৈ।

আয়ুৰ্বেদিক বিশেষজ্ঞসকলৰ মতে কৰ্দৈয়ে তেজ পৰিশোধন কৰে। শুকান কৰ্দৈ জ্বৰৰ বাবে উপকাৰী। তদুপৰি কৰ্দৈয়ে কৃমিৰ সমস্যাও দূৰ কৰে।

Related News