• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পুনৰীক্ষণ : প্ৰতীক হাজেলাক সকীয়নি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 26, 2019 4:39 pm

3 min read

Bijon Mohajon Press Meet

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেলত বিজেপিৰ মুখপাত্ৰত্ৰয়।

1.5k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো মইমতালিৰে পৰিচালনা কৰিছে বুলি অভিযোগ তুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি সংবাদমেল দি আক্ৰমণ কৰে বিজেপিৰ মুখপাত্ৰ বিজন মহাজনে।

“কোনো বিষয়াই নিজাববীয়াকৈ এন আৰ চি প্ৰক্ৰিয়া চলাব নোৱাৰে” বুলি মন্তব্য কৰি মহাজনে হাজেলাক প্ৰশ্ন কৰে, “উচ্চতম ন্যায়ালয়ে হুকুম নিদিয়াকৈ কেনেকৈ হাজেলাই ২৭ শতাংশ লোকৰ পুনৰীক্ষণ কৰিলে?”

উল্লেখ কৰা প্ৰয়োজন যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অলপতে উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত নামৰ ২৭ শতাংশৰ পুনৰীক্ষণ কৰা হ’ল বুলি তথ্য দিছিল।

ইয়াৰ পিছতে যোৱা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে খচৰাত অন্তৰ্ভুক্ত নামৰ পৰা ২০ শতাংশৰ যাদৃচ্ছিক পুনৰীক্ষণ (random sample re-verification)ৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনোৱা আৱেদন নাকচ কৰিছিল।

২৭ শতাংশৰ পুনৰীক্ষণ হৈ গ’ল বুলি হাজেলাই দিয়া তথ্যক ভিত্তি কৰি শীৰ্ষ আদালতখনে কৈছিল, “We do not consider it necessary to accede to the prayers for a further sample verification as prayed for on behalf of the Union of India and the State of Assam.”

এই অগ্ৰগতিৰ পিছতে ৰাজ্যিক বিজেপি খৰ্গহস্ত হৈ পৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ওপৰত।

লগতে পঢ়ক প্রতীক হাজেলাৰ স্থিতি সন্দেহজনক : বিজেপি

আদালতৰ দ্বাৰা নিৰাশ হোৱা বিজেপিয়ে ২৪ জুলাইত হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰি বিষয়টোত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিছিল। আলোচনাৰ অন্তত প্ৰতীক হাজেলাক সমালোচনা কৰি এটা বিবৃতি প্ৰকাশ কৰিছিল নেতৃত্বই।

ইয়াৰ দুদিন পিছতে আজি পুনৰ দলটোৰ এজন মুখপাত্ৰ মহাজনে হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত প্ৰতীক হাজেলাক সমালোচনাৰে সংবাদমেল দিয়ে।

মহাজনৰ প্ৰশ্ন, “হাজেলাই কেনেকৈ প্ৰাপ্ত ৩৬লাখ দাবী আৰু ২লাখ অভিযোগ উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ গৈ মুঠ ৮০লাখ মানুহৰ স্বয়ংক্ৰিয় পুনৰীক্ষণ হৈ গৈছে বুলি উচ্চতম ন্যায়ালয়ক জনালে?”

তেওঁ লগতে কয়, “২৮/০৮/২০১৮-ত উচ্চতম ন্যায়ালয়ে হাজেলাক প্ৰশ্ন কৰিছিল যে ১০ শতাংশ পুনৰীক্ষণৰ বাবে কিমান সময় লাগিব আৰু কি কি তথ্য দিব পাৰিব? কিন্তু হাজেলাই নথি-পত্ৰ দাখিল কৰিলে নে নাই আমি আজিও অৱগত নহয়।”

তেওঁ এন আৰ চিত এজনো যদি বিদেশী সোমায়, তেন্তে প্ৰতীক হাজেলা দায়ী হ’ব বুলি মন্তব্য কৰে।

“ৰাইজে নজনাকৈ একো কাম হ’ব নোৱাৰে। হাজেলাই ৰাইজক জনাওক “automatic reverification কি? এইটো কেতিয়া আৰম্ভ কৰিছিল আৰু কেতিয়া শেষ কৰিছিল। ত্ৰুটিৰ পৰিমাণ ৰাইজক অৱগত কৰক।”, মহাজনে কয়।

“হাজেলাৰ এই কাম গৰিহণাৰ যোগ্য” বুলি কৈ মহাজনে প্ৰশ্ন কৰে, “তেওঁ ন্যায়পালিকাৰ ঊৰ্ধ্বত নেকি?”

সাম্প্ৰতিক অসমে বিদেশীৰ বোজা লৈ ককবকাই আছে বুলি দাবী কৰি মহাজনে এন আৰ চিখনক অসমীয়া জাতিৰ আয়ুসৰেখা আখ্য দিয়া।

সংবাদমেলত ৰাজ্যিক বিজেপিৰ আন এজন মুখপাত্ৰ মমিনুৰ আৱাল, মিডিয়া কোষৰ দেৱান ধ্ৰুৱজ্যোতি মৰল আৰু আন এজন মুখপাত্ৰ অমিয় ভূঞাও উপস্থিত আছিল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd