• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ-বিজেপিৰ মিত্ৰতাৰ লুকাভাকু : আকৌ অমিত শ্বাহক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2018 4:52 pm
Ranjeet Das (1)

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আমি পোনপটীয়াকৈ নকওঁ, অগপ নিজেই ওলাই যাওঁক।‘’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত অমিত শ্বাহক সাক্ষাৎ কৰি মিত্ৰতাৰ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

Apply Now

দাসে সংবাদ মাধ্যমৰ আগত কৰা এই মন্তব্যই অগপৰ সৈতে বিজেপিৰ মিত্ৰতাত থাকিবলৈ ইচ্ছা নথকাৰ ইংগিত বহন কৰিছে।

ইপিনে, ‘অগপই মিত্ৰতাৰ ধর্ম পালন কৰা নাই’ বুলি মন্তব্য কৰি তেওঁ লগতে অগপক উনুকিয়াই দি কয়, ‘’বিজেপিয়ে নিজৰ ফালৰ পৰা পোনপটীয়াকৈ নকয় যিহেতু বিজেপিয়ে নিজেই মিত্ৰতা কৰিছে। মিত্ৰতাত আছে যেতিয়া মিত্ৰতাৰ ধৰ্মটো পালন কৰিব লাগে অগপই।‘’

‘’মিত্ৰতাত থাকিও কংগ্ৰেছৰ সৈতে গোপন যোগাযোগ ৰখা, বিজেপিৰ নেতাক মুকলিকৈ গালি পৰা, এইবোৰ সহ্য কৰিব নোৱাৰি,‘’- এই অভিযোগ দাসৰ।

আনহাতে, দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো পুনৰবাৰ অগপক উনুকিয়াই দিয়ে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে কোনে কাৰ বোকোচাত উঠি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। লগতে হিমন্তই অসম গণ পৰিষদক পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত আত্ম-সমালোচনা কৰিবৰ বাবে আহ্বান জনায়।

আনহাতে, বিজেপিৰ এক বিশেষ সূত্ৰই আমাৰ আগত কেতবোৰ চাঞ্চল্যকৰ বক্তৱ্য প্ৰকাশ কৰে।

সুত্ৰ অনুসৰি অগপক ৰাজ্যসভাৰ আসন লাগে। সুত্ৰটোৱে লগতে আমাক জানিবলৈ দিয়ে যে ৰাজ্য সভাৰ তিনিখন আসন খালি হৈ থকাৰ বাবে সেইকেইটা অগপৰ প্ৰাৰ্থীক লাগে।

‘’বীৰেন্দ্ৰ কুমাৰ বৈশ্য আৰু কুমাৰ দীপক দাসক লাগে ৰাজ্যসভা,‘’- সূত্ৰটোৰ মন্তব্য।

আনহাতে, অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী থকাৰ পাছতো আৰু এজন কেবিনেট মন্ত্ৰী বিচাৰি আছে বুলিও সূত্ৰটোৱে দাবী কৰে।  কিন্তু বিজেপি চৰকাৰে দিয়া নাই বাবে অগপই এইদৰে হুলস্থুল কৰি থকা বুলি সূত্ৰটোৱে ব্যক্ত কৰে।

ক্ষমতাৰ লোভত অগপই এনেদৰে নাটক কৰি আছে বুলি কয় সূত্ৰটোৱে। লগতে সূত্ৰটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁটত নাথাকো বুলি কৰা মন্তব্যটো একপ্ৰকাৰৰ নাটক আখ্যা দিয়ে।

তদুপৰি, এই নাটকখনেৰেই অগপই পঞ্চায়ত দখল কৰিব পাৰিম বুলি ভাবিছিল বুলি সূত্ৰটোৱে আমাৰ আগত প্ৰকাশ কৰি অগপৰ সেই নাটকে কাম নিদিলে বুলি সদৰী কৰে।

কিন্তু কিমান পৰ্য্যায়লৈকে অপমান সহ্য কৰি বিজেপিৰ সৈতে মিত্ৰতাত থাকিব অসম গণ পৰিষদ? বিজেপিৰ নেতৃবৃন্দই তীব্ৰ বাক্যবাণ বৰ্ষণ কৰাৰ পাছতো কেটকুটেই নকৰা অগপক লৈ এই প্ৰশ্ন কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলে।

তদুপৰি, অগপ সভাপতি বৰাই বাৰম্বাৰ ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁট ত্যাগ কৰিম’’ বুলি সংবাদ মাধ্যমত উদাত্ত কণ্ঠেৰে কৈ আছে যদিও আৰু কিমান পৰ্য্যায়লৈ তেওঁলোকে বিজেপি নেতাৰ কটু বাক্য সহ্য কৰি যাব?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd