DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ মিথ্যাচাৰ! অসম বন্ধলৈ কৰিমগঞ্জ বিজেপিৰ মুকলি সমৰ্থন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 8:36 pm
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ মিথ্যাচাৰ! অসম বন্ধলৈ কৰিমগঞ্জ বিজেপিৰ মুকলি সমৰ্থন
326
VIEWS
Share on FacebookShare on Twitter

বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তথা শতাধিক দল-সংগঠনে আজি অসম বন্ধৰ আহ্বান জনাইছিল। এই অসম বন্ধক লৈ প্ৰকৃততে অসম ৰাজ্যিক বিজেপিৰ সমৰ্থন আছে নে নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ‘অসম বন্ধৰ সমৰ্থনত বিজেপি দল পূৰ্বৰে পৰা নাই’ বুলি আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল যোগে ঘোষণা কৰাৰ বিপৰীতে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা বিজেপিৰ  সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই অসম বন্ধক সমৰ্থন জনাই কালি প্ৰকাশ কৰিছিল এক প্ৰেছ বিবৃতি।

কালি কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই বাঙালী ভাষাতে জিলা বিজেপিৰ পেডত ৫ জনকৈ নীৰিহ লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শন কৰি লগতে বাঙালী সংগঠনে দিয়া ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ সকলোকে আহ্বান জনাইছিল।

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই অসম বন্ধক সমৰ্থন জনাই প্ৰকাশ কৰা প্ৰেছ বিবৃতিটো

উক্ত প্ৰেছ বিবৃতিত তেওঁ লিখিছিল এইদৰে ‘কালি সন্ধিয়া অসমৰ তিনিচুকীয়া জিলাৰ খেৰবাৰী গাঁৱৰ ৫ জন নীৰিহ গাওঁবাসীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা দিয়াৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিছো। এই হত্যাৰ পাছত নিষিদ্ধ ঘোষিত সংগঠন ‘আলফাৰ’ হাত থকা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিগত কিছুদিন ধৰি অখিল গগৈ সহ অন্য কেইবাগৰাকী ব্যক্তিয়ে যিভাৱে হিন্দু বাঙালীৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য দি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ বাবে কৰিমগঞ্জ জিলা বিজেপিয়ে কঠোৰ আইনী ব্যৱস্থা ল’বৰ বাবে আহ্বান জনাইছে।‘

আনহাতে সেই বিবৃতিটোৰ শেষৰফালে স্পষ্টকৈ লিখা আছে ‘ভৱিষ্যতে এনে কোনো ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জিলা বিজেপিয়ে দাবী জনাইছো আৰু কাইলৈ অৰ্থ্যাৎ আজি কৰিমগঞ্জ জিলা ৰাষ্ট্ৰবাদী হিন্দু যুৱ ছাত্ৰ সংগঠন সহ অন্যান্য কিছু ৰাষ্ট্ৰবাদী, সংগঠনে দিয়া বন্ধক সফল কৰি তোলাৰ কাৰণে আমাৰ নৈতিক সমৰ্থন আছে।‘

মন কৰিব লগীয়া যে ‘অসম বন্ধ’ৰ বিৰুদ্ধে অৱস্থান লোৱা ৰূপম গোস্বামীক আজি উক্ত প্ৰেছ বিবৃতিৰ সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধাত তেওঁ উভটি ধৰে।

তেওঁ কয় ‘ক’ত আছে, কি কথা মোক দেখুৱাওক প্ৰমাণ যদি আছে। আমাৰ দলৰ ফালৰ পৰা কোনো তেনেকুৱা হোৱা নাই।‘

অৱশেষত, যদি তেনেকুৱা কিবা হৈছে  তেন্তে দলৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সংবাদমেলত স্থিতি স্পষ্ট কৰে।

তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নৰ্থ ইষ্ট নাও-এ এই প্ৰতিবেদনৰ জৰিয়তে তথ্য প্ৰমাণ দিলে। এতিয়া নিজৰ কথা ৰাখি তেওঁ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতিজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ লয় সেয়া লক্ষণীয় হ’ব।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd