• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ মিথ্যাচাৰ! অসম বন্ধলৈ কৰিমগঞ্জ বিজেপিৰ মুকলি সমৰ্থন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 8:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তথা শতাধিক দল-সংগঠনে আজি অসম বন্ধৰ আহ্বান জনাইছিল। এই অসম বন্ধক লৈ প্ৰকৃততে অসম ৰাজ্যিক বিজেপিৰ সমৰ্থন আছে নে নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ‘অসম বন্ধৰ সমৰ্থনত বিজেপি দল পূৰ্বৰে পৰা নাই’ বুলি আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল যোগে ঘোষণা কৰাৰ বিপৰীতে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা বিজেপিৰ  সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই অসম বন্ধক সমৰ্থন জনাই কালি প্ৰকাশ কৰিছিল এক প্ৰেছ বিবৃতি।

Apply Now

কালি কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই বাঙালী ভাষাতে জিলা বিজেপিৰ পেডত ৫ জনকৈ নীৰিহ লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শন কৰি লগতে বাঙালী সংগঠনে দিয়া ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ সকলোকে আহ্বান জনাইছিল।

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই অসম বন্ধক সমৰ্থন জনাই প্ৰকাশ কৰা প্ৰেছ বিবৃতিটো

উক্ত প্ৰেছ বিবৃতিত তেওঁ লিখিছিল এইদৰে ‘কালি সন্ধিয়া অসমৰ তিনিচুকীয়া জিলাৰ খেৰবাৰী গাঁৱৰ ৫ জন নীৰিহ গাওঁবাসীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা দিয়াৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিছো। এই হত্যাৰ পাছত নিষিদ্ধ ঘোষিত সংগঠন ‘আলফাৰ’ হাত থকা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিগত কিছুদিন ধৰি অখিল গগৈ সহ অন্য কেইবাগৰাকী ব্যক্তিয়ে যিভাৱে হিন্দু বাঙালীৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য দি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ বাবে কৰিমগঞ্জ জিলা বিজেপিয়ে কঠোৰ আইনী ব্যৱস্থা ল’বৰ বাবে আহ্বান জনাইছে।‘

আনহাতে সেই বিবৃতিটোৰ শেষৰফালে স্পষ্টকৈ লিখা আছে ‘ভৱিষ্যতে এনে কোনো ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জিলা বিজেপিয়ে দাবী জনাইছো আৰু কাইলৈ অৰ্থ্যাৎ আজি কৰিমগঞ্জ জিলা ৰাষ্ট্ৰবাদী হিন্দু যুৱ ছাত্ৰ সংগঠন সহ অন্যান্য কিছু ৰাষ্ট্ৰবাদী, সংগঠনে দিয়া বন্ধক সফল কৰি তোলাৰ কাৰণে আমাৰ নৈতিক সমৰ্থন আছে।‘

মন কৰিব লগীয়া যে ‘অসম বন্ধ’ৰ বিৰুদ্ধে অৱস্থান লোৱা ৰূপম গোস্বামীক আজি উক্ত প্ৰেছ বিবৃতিৰ সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধাত তেওঁ উভটি ধৰে।

তেওঁ কয় ‘ক’ত আছে, কি কথা মোক দেখুৱাওক প্ৰমাণ যদি আছে। আমাৰ দলৰ ফালৰ পৰা কোনো তেনেকুৱা হোৱা নাই।‘

অৱশেষত, যদি তেনেকুৱা কিবা হৈছে  তেন্তে দলৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সংবাদমেলত স্থিতি স্পষ্ট কৰে।

তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নৰ্থ ইষ্ট নাও-এ এই প্ৰতিবেদনৰ জৰিয়তে তথ্য প্ৰমাণ দিলে। এতিয়া নিজৰ কথা ৰাখি তেওঁ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতিজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ লয় সেয়া লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd