DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক,কি কি সিদ্ধান্ত কৰা হ’ল গ্ৰহণ?

টেট প্ৰমাণ পত্ৰৰ ম্যাদ জীৱনজোৰা কৰাত অনুমোদন, চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ হ'ব লাড়ু-পিঠা আৰু হাতে বোৱা গামোচা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 7, 2021 4:33 pm
Himanta Biswa sarma in Barpeta
325
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৭ জুলাইত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সিদ্ধান্তসমূহ এনেধৰণৰ—
এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীতেৰে আৰম্ভ কৰিবলৈ আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰিব৷

এতিয়াৰে পৰা প্ৰতিখন চৰকাৰী সভা, অনুষ্ঠানত অসমৰ শিপিনীৰ হাতে বোৱা গামোছা ব্যৱহাৰ কৰা বাবে আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷ এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব৷ ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিক্ৰীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যৰে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস ২৮ জুলাইৰ দিনটো ‘দেশভক্তি দিৱস’ হিচাপে উদ্‌যাপন কৰা হ’ব৷

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্ৰতিখন জিলাতে আৰু ৰাজ্যিক পৰ্যায়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হ’ব৷

আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস ৫ আগষ্টৰ দিনটো ‘কৰ্মচাৰী দিৱস’ ৰূপে পালন কৰা হ’ব৷ এই দিৱসৰ সৈতে সংগতি ৰাখি কৰ্মক্ষেত্ৰত দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পাঁচজনকৈ কৰ্মচাৰীক জিলা পৰ্যায়ত আৰু দহজনকৈ কৰ্মচাৰীক ৰাজ্যিক পৰ্যায়ত পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেট বৈঠকে৷

অৱশ্যে এই বাছনি প্ৰক্ৰিয়াত ৰাজপত্ৰিত বিষয়াসকলক সামৰি লোৱা নহ’ব৷ পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হ’ব ৷

যিকেইখন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে সেই জিলাসমূহৰ সংশ্লিষ্ট অভিভাৱক মন্ত্ৰী আৰু সচিবসকলে কাইলৈৰ পৰা তিনিদিনৰ বাবে সেই জিলাসমূহত ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব৷

টেট প্ৰমাণ পত্ৰৰ ম্যাদ জীৱনজোৰা কৰা হ’ব ৷ প্ৰাৰ্থীসকলে নিজৰ ফলাফল উন্নীত কৰাৰ বাবে পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ’ব পাৰিব ৷ অৱশ্যে চাকৰিৰ বাবে আৱেদন জনোৱাৰ ক্ষেত্ৰত বয়সৰ ঊদ্ধৰ্সীমা প্ৰযোজ্য হৈ থাকিব৷

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd