NORTHEAST NOW (Assamese)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ, জিএমচিএইছত চিকিৎসাধীন

May 28, 2021 10:01 pm · কল্পজ্যোতি শইকীয়া

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীক।

কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে ৰিপুন বৰাক আজি ভৰ্তি কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত।এক ফেচবুক পোষ্টযোগে বৰাই এই কথা জনাইছে।

তেওঁ ফেচবুকত লিখিছে “কোভিড পজিটিভ হৈ আজিৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছোঁ।

যোৱা কেইদিনত মোৰ সান্নিধ্যত অহা সকলো ব্যক্তিকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ।”

Related News