NORTHEAST NOW (Assamese)

শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

December 20, 2020 5:04 pm · পাৰ্শ্বজ্যোতি গগৈ

আজি শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভা বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।

ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত শিৱসাগৰৰ দুগৰাকী প্ৰবীণ সাংবাদিক দূৰ্লভ বুঢ়াগোঁহাই আৰু প্ৰদীপ দত্তক সম্বৰ্দ্ধনা জনোৱা হয়।

সভাত অসম ৰাজ্যিক  সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা সম্পাদক ৰাতুল চন্দ্ৰ বৰা, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সভাপতি সুমেশ ডেকাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত যোৰহাট, ডিব্ৰুগড়, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বিআংলং, তেজপুৰ আদিকে ধৰি বহু কেইখন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে।

শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী জান্তুমণি শইকীয়া দাসে।

Related News