• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২০ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান সম্প্ৰন্ন; ১৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানৰ বঁটা প্ৰদান

ত্যাগ, কঠোৰ শ্ৰম আৰু সাধনাইহে প্ৰকৃত সংবাদ সেৱা সম্ভৱ: কনকসেন ডেকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 5:39 pm
index.jpg,
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আজিৰ সাংবাদিকসকলে ত্যাগ স্বীকাৰ কৰিবলৈ শিকিব লাগিব তেতিয়াহে প্ৰকৃত সংবাদ সেৱা সম্ভৱ হ’ব৷ কঠোৰ পৰিশ্ৰম, সাধনা আৰু ত্যাগৰ দ্বাৰাহে আমি প্ৰকৃত সংবাদ সেৱা লাভ কৰিব পাৰিম৷ সাম্প্ৰতিক সময়ত অতি সহজ, দ্ৰুত আৰু লেকাম নথকা সাংবাদিকতাই জনগণৰ মাজত, সমাজত আন এক বিশৃংখলতাৰ সৃষ্টি কৰিব৷” কোভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে স্থগিত ৰখা দিছপুৰ প্ৰেছ ক্লাবৰ বঁটা প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় ডেকাই৷

ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ১৪ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বাবে বঁটা প্ৰদান কৰে প্ৰবীণ সাংবাদিক ডেকাই।

Apply Now

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি সংবাদক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে সাদিন কাকতৰ সম্পাদক তথা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক ‘সম্পাদক বঁটা-২০২০ প্ৰদান কৰা হয়৷ বঁটা গ্ৰহণ কৰি শৰ্মা বৰপূজাৰীয়ে দিছপুৰ প্ৰেছ ক্লাবে মহিলা সম্পাদক এগৰাকীক সম্পাদক বঁটা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷

একেদৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সৈতে আৰক্ষীৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা তথা অসম আৰক্ষীৰ বিভিন্ন বা-বাতৰি যোগান ধৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা বাবে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়াক ‘সংবাদ বান্ধৱ বঁটা-২০২০’, সাংবাদিকৰ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি অহা তথা সাংবাদিক সংগঠনসমূহক ঐক্যৱদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাবে দ্য ছেণ্টিনেল কাকতৰ জ্যেষ্ঠ সাংবাদিক মৌচম জ্যোতি বৈশ্যক ‘সাংবাদিক সংগঠক, কল্যাণ বঁটা – ২০২০’ৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে৷

একেদৰে টেলিভিছনৰ নিউজ এংকৰ আৰু প্ৰযোজিকা হিচাপে বিদ্যুতিন সংবাদ মাধ্যমলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা নিউজ-১৮ অসম নৰ্থ ইষ্টৰ ইভা মহন্তক ‘নিউজ এংকৰ বঁটা-২০২০’, অসমৰ কাৰিকৰী শিক্ষাত যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বাবে কাৰিকৰী শিক্ষাৰ গৱেষক তথা কাৰিকৰী শিক্ষা বিভাগ অসমৰ সঞ্চালক ড॰ অতুল বৰাক ‘জ্ঞানজ্যোতি বঁটা – ২০২০’, নিষ্ঠা-সততা আৰু দক্ষতাৰে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ পৰিষদক এক নতুন মাত্ৰা প্ৰদান কৰা তথা আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰি অহা বাবে অসম আৰক্ষী গৃহ নিৰ্মাণ পৰিষদৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাক ‘জনহিতৈষী আৰক্ষী বঁটা-২০২০’, সমাজত শান্তি-শৃংখলা, সম্প্ৰীতি, মানৱতা অটুত ৰখাৰ স্বাৰ্থত ৰাইজৰ মনত থকা অন্ধবিশ্বাস দূৰীকৰণ কৰি ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা মানৱাধিকাৰ তথা সমাজকৰ্মী ড॰ দিব্যজ্যোতি শইকীয়াক ‘মানৱতা বঁটা-২০২০’, বঁটা প্ৰদান কৰা হয়৷

মানৱতাৰ দৃষ্টিৰে বিশেষ ৰেহাই হাৰত দুখীয়া ৰোগীক চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বাবে তথা সকলোৰে বাবে স্বাস্থ্য শীৰ্ষক নীতিক সাৰোগত কৰি বিভিন্ন ৰোগৰ নতুন চিকিৎসা পদ্ধতি উদ্ভাৱনত গুৰুত্ব প্ৰদান কৰি অহা নেমকেয়াৰ হাস্পতালৰ স্বত্তাধিকাৰ, বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাক ‘জীৱন সঞ্জীৱনী বঁটা-২০২০’, অসম অলিম্পিক সন্থাৰ সম্পাদক তথা ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰক ‘যুৱ ৰাজনৈতিক বঁটা-২০২০’ প্ৰদান কৰে দিছপুৰ প্ৰেছ ক্লাবে।

ভ্ৰাম্যমান থিয়েটাৰ, অসমীয়া চলচিত্ৰ, টিভি ধাৰাবাহিক আদিত অভিনয়ৰে অসমৰ সাংস্কৃতিক জগতখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে অভিনেত্ৰী মুনমী ফুকনক ‘অভিনেত্ৰী বঁটা-২০২০’, ভ্ৰাম্যমান থিয়েটাৰৰ অভিনয় জগতত ভূমুকি মাৰিয়েই দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা হেঙুল থিয়েটাৰৰ অভিনেত্ৰী নিৰ্মালী এছ বৰাক ‘নৱাগতা অভিনেত্ৰী বঁটা-২০২০, সমাজত সংঘটিত ঘটনাৱলিৰ ওপৰত সদা সতৰ্ক দৃষ্টি ৰাখি বলিষ্ঠ ভূমিকা পালন কৰি অহা বাবে বিশিষ্ট সমাজকৰ্মী যুৱনেতা জিতুল ডেকাক ‘জাগ্ৰত যুৱ বঁটা-২০২০ আৰু অসমৰ উগ্ৰপন্থী সমস্যাৰ বিৰুদ্ধে তথা বিভিন্ন জাতীয় সমস্যা সমাধানৰ স্বাৰ্থত সদায় সাহসেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বাবে আভিজিৎ শৰ্মাক ‘সাহসী বঁটা-২০২০ প্ৰদান কৰা হয়৷

আজিৰ এই অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামী, জ্যেষ্ঠ সাংবাদিক অমল গুপ্ত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd