লক্ষ্য লোকসভা নিৰ্বাচন : ৰাজ্যৰ ৫৭ লাখ পৰিয়ালক বিলাব মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ৰেছন কাৰ্ড

dc-Cover-fk3lhab9r50lr3l6cc75ihnm80-20160607005943.Medi

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি সকলো দৰিদ্ৰ শ্ৰেণীৰ লোককে চৰকাৰে দিবলগীয়া ৰেছন কাৰ্ডৰ জৰিয়তে দলৰ প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিয়ে। আগন্তুক লোক সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে অসমত খাদ্য সুৰক্ষা আঁচনিক নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে।

খাদ্য আৰু অসামৰিক বিভাগৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। সেই অনুসৰি উক্ত লোকসকলক  প্ৰদান কৰা হয় একোখনকৈ ৰেছন কাৰ্ড। এই ৰেছন কাৰ্ডৰ জৰিয়তে এইবাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচাৰ চলাব অসম চৰকাৰে।

ৰাজ্যখনত একাধিক কাৰণত সকলো দৰিদ্ৰ লোকৰ মাজত সুলভ মূল্যৰ ৰেছন যোগান ধৰা প্ৰক্ৰিয়া চলি থকা নাই। অসম চৰকাৰে লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে সকলো লোককে ৰেছন কাৰ্ড যোগান ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সেইমতে ৰাজ্যখনৰ ৫৭ লাখ পৰিয়ালক চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড বিতৰণ কৰিব।

জানিব পৰা মতে এই ৰেছন কাৰ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো ছপা কৰাৰ লগতে অতি কমেও দুটা পৃষ্ঠা বিজেপি-নেতৃত্বাধীন অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অসমত কৰা কামৰ লগতে ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে প্ৰকাশ কৰাৰ নিৰ্দেশো জাৰি কৰিছে।

ৰাজ্য চৰকাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগক ৬০ লাখ নতুন ৰেছন কাৰ্ড ছপা কৰিবলৈ নিৰ্দেশ দিছে। এই সকলো কাৰ্ড লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে  বিতৰণ কৰাৰো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। প্ৰতিখন ৰেছন কাৰ্ড ছপা কৰাৰ বাবদ চৰকাৰে ১৫ টকাকৈ ব্যয় কৰিব। অৰ্থাৎ কাৰ্ড ছপাৰ বাবদ চৰকাৰে মুঠ ৯ কোটি টকা ব্যয় কৰিব।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে  নতুনকৈ ৮০ হাজাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেছন কাৰ্ড বিতৰণ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই চৰকাৰৰ এই গোপন অভিযানৰ কথা পোহৰলৈ আহিছে। চৰকাৰে এই ৮০ হাজাৰ কাৰ্ড ছপাবৰ বাবে আকস্মিক পুঁজিৰ পৰা ১২ লাখ টকা ব্যয় কৰিছে।

তথ্য অনুসৰি অসমত সম্প্ৰতি ২.৪৮ কোটি খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰী আছে। আনহাতে, দুই-এখন জিলাত আইনী মেৰপেচত পৰি চৰকাৰে এই ৰেছন কাৰ্ড বাতিল কৰিবলৈ বাধ্য হৈছে। তদুপৰি, ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ আহ্বান মৰ্মে এই আঁচনিৰ অধীনত নপৰা প্ৰায় ২.৮৩ লাখ লোকে ৰেছন কাৰ্ড চৰকাৰক ঘূৰাই দিছে।

বিভাগীয় সূত্ৰ অনুসৰি ৰাজ্যখনত চলি থকা ৰেছন কাৰ্ডসমূহৰ জৰিয়তে আগন্তুক দুবছৰলৈ চলিব পৰা যাব। তথাপি অতি খৰধৰকৈ সেই কাৰ্ড বাতিল কৰি নতুন কাৰ্ড বিতৰণ কৰিবলৈ দিয়া নিৰ্দেশ আৰু সেই কাৰ্ডত মুখ্যমন্ত্ৰী সোণোৱাল আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্ৰশস্তিৰে দুটা পৃষ্ঠা ছপা কৰিবলৈ দিয়া নিৰ্দেশনাত বিজেপিৰ অন্তৰ্নিহিত উদ্দেশ্য স্পষ্ট হৈ পৰিছে।