• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত জাৰি কৰা হ’ল নতুন এছ অ’ পি; ক’ত ক’ত থাকিব সম্পূৰ্ণ লকডাউন? চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2021 1:38 pm
New SOP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কাইলৈৰ পৰা এসপ্তাহৰ বাবে জাৰি কৰা হৈছে নতুন এছ অ’ পি। মঙলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে প্ৰকাশ কৰে এই নতুন এছ অ’ পি।

সেই অনুসৰি, তিনিটা ভাগত বিভক্ত কৰা হৈছে এইবাৰৰ এছ অ’ পি।

Apply Now

নতুন এছ অ’ পিত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা সাতখন জিলাক সম্পুৰ্ণ ৰূপে কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছে। ইয়াত সম্পূৰ্ণ লকডাউন প্ৰযোজ্য হ’ব।

সম্পুৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা জিলা কেইখন হৈছে ক্ৰমে- যোৰহাট, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, মৰিগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ।

আনহাতে, ধুবুৰী, কামৰূপ মেট্ৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওডালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দিত ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ কাৰ্ফিউ থাকিব। সেইদৰে, ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ।

কামৰূপ মহানগৰ জিলাত পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ নিৰ্দেশনাই বাহাল ৰখা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীয়ে সংবাদ মেলত কয়।

শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বজালী,বৰপেটা, নলবাৰী, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, কাৰ্বি আংলঙত দুপৰীয়া ২ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ। দোকান পোহাৰ ১ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।

আনহাতে, পূৰ্বৰ দৰেই বন্ধ থাকিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।

চৰকাৰী কাৰ্য্যালয় খোলাৰ ক্ষেত্ৰত পুৰ্বৰ এছ অ’ পিৰ নিয়ম সমূহেই বাহাল থাকিব।

সম্পূৰ্ণ সান্ধ্য আইন ব্যৱস্থাৰ অধীনৰ জিলাসমূহত বিয়লি ৫.০০ বজালৈকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান আৰু ফলমূলৰ দোকান খোলা থাকিব।

পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।

আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীনভাৱে চলি থাকিব।

সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কামকাজ, চাহ বাগিচাৰ নিয়মীয়া কামকাজ ক’ভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব।

সম্পুৰ্ণ কণ্টেইনমেন্ট ৰূপে ঘোষণা কৰা জিলা কেইখনৰ বাহিৰেও বাকী জিলা সমূহত কোভিডৰ সংক্ৰমণ বৃদ্ধি পালে কণ্টেইনমেণ্ট অঞ্চল সমূহ চিনাক্ত কৰাৰ দায়িত্ব জিলা উপায়ুক্তসকলক দিয়া হৈছে।

কণ্টেইনমেণ্ট অঞ্চল সমূহত ১০০ শতাংশ টেষ্ট আৰু ভেকচিন প্ৰদান কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনায়।

কণ্টেইনমেণ্ট জ’নত থকা পৰিয়াললৈ ২০০০ টকা মূল্যৰ খাদ্য সামগ্ৰীও আগবঢ়োৱা হব বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।

আনহাতে, প্ৰতিগৰাকী পিতৃ-মাতৃলৈ স্বাস্থ্যমন্ত্ৰীয়ে আবেদন জনাই কয়, ‘’নিজৰ ১৮ বছৰ অনুৰ্দ্ধ সন্তানৰ সুৰক্ষাৰ স্বাৰ্থতে সাৱধানতা অৱলম্বন কৰক। জন সমাগমৰ পৰা নিজকে আঁতৰাই ৰাখক, জৰুৰী প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলাব। মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰক, ন্যূনতম সামাজিক দূৰত্ব বজাই ৰাখক আৰু ক’ভিড প্ৰট’কল সম্পূৰ্ণ পালন কৰক।‘’

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ৰাজ্যত আজিৰ দিনটোত ১৮ বছৰ অনুৰ্দ্ধ ২৮৯০টি শিশু-কিশোৰ ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd