অচিৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ব্ৰেণ্ডেড য়ুনিফৰ্ম দিয়া হ’ব।
শিক্ষক দিৱসৰ দিনাই এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতো ৰাজ্যিক ভিত্তিত পালন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলনেৰে আৰম্ভ হোৱা সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।
শিক্ষক দিৱসৰ এই কাৰ্যসূচীত লগতে বহু বিশিষ্ট অতিথি আৰু শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে।
এই সভাতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
ইয়াৰ ভিতৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক ব্ৰেণ্ডেড য়ুনিফৰ্ম প্ৰদানৰ ঘোষণা অন্যতম।
তেওঁ দুখ স্বীকাৰ কৰি কয়, ‘’চৰকাৰী বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে অতি নিম্নমানৰ কাপোৰ পৰিধান কৰে। এই কথা লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে চৰকাৰী বিদ্যালয় সমূহতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে ব্ৰেণ্ডেড য়ুনিফৰ্মৰ ব্যৱস্থা কৰিম।‘’
তদুপৰি তেওঁ কয়, ‘’গুণোৎসৱে শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন আনিলে। অতিশীঘ্ৰে আমি সমগ্ৰ অসমতে স্ব-গুণোৎসৱ কাৰ্যসূচী হাতত লম।‘’
আনহাতে, তেওঁ অসমৰ সকলো শিক্ষক-কৰ্মচাৰীক তেওঁৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। প্ৰতিজন শিক্ষকৰ সমস্যা সমাধান কৰিবলৈ তেওঁ বদ্ধ পৰিকৰ বুলিও মন্তব্য কৰে।
ইপিনে, উক্ত সভাতে মুখ্য মন্ত্ৰীয়ে শিক্ষা বিভাগক বিদ্যালয়ৰ সময়সূচী আগুৱাই আনিব পাৰি নেকি তাৰ চিন্তা কৰিবলৈ আহ্বান জনায়।





