প্ৰতিবাদী কৃষকৰ গোচৰ বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰে ল’ব সিদ্ধান্ত: কৃষি মন্ত্ৰী

Narendra Tomar

যোৱা ১১ ডিচেম্বৰত সমাপ্ত হোৱা সুদীৰ্ঘ ১৫ মহীয়া কৃষক আন্দোলনৰ সময়ত প্ৰতিবাদী কৃষকৰ ওপৰত আৰোপিত গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে সিদ্ধান্ত ল’ব। এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে।

তেওঁ কয় যে যিহেতু আইন-শৃংখলা ৰাজ্যৰ অন্তৰ্গত বিষয়, সেয়েহে কৃষকসকলৰ বিৰুদ্ধে তেওঁলোকৰ কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত পঞ্জীয়ন কৰা গোচৰসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত সংশ্লিষ্ট ৰাজ্য চৰকাৰে ল’ব।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কৃষকসকলৰ আন্দোলন বাতিল কৰাৰ সিদ্ধান্তকো আদৰণি জনায়।

তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিয়া বিভিন্ন কৃষক সংগঠনৰ একত্ৰীকৰণ সংস্থা সংযুক্ত কিষাণ মৰ্চাই বৃহস্পতিবাৰে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ আৰু এমএছপিকে ধৰি তেওঁলোকৰ মুখ্য অমীমাংসিত দাবী সমূহ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা এক আনুষ্ঠানিক পত্ৰ লাভ কৰাৰ পিছত এবছৰ ধৰি চলি থকা আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

কৃষকৰ ওপৰত আৰোপিত গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তোমৰে কয়, “আইন-শৃংখলাৰ বিষয়টো ৰাজ্য চৰকাৰৰ অধিকাৰক্ষেত্ৰত পৰে। গতিকে তেওঁলোকে এই বিষয়ত এটা সিদ্ধান্ত ল’ব।”