বিশ্ব এইডচ দিৱসত সমাজৰ সকলো লোকক এইচ আই ভিৰ স্বাস্থ্যবিধি মানি চলাৰ আহ্বান ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

বিশ্ব এইডচ দিৱস উপলক্ষে শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে আয়োজন কৰা মুকলি সভাত অসমৰ মামনীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা দেৱে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে।

পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত এইচ আই ভি আৰু কোভিডৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক আৰু সজাগ হৈ থকাৰ বাবে আহ্বান জনায়।

কোভিডৰ বাবে বলবৎ কৰা ল’কডাউনৰ সময়ছোৱাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসা কৰ্মী সকলে এইচ আই ভি আৰু কোভিডৰ বিৰুদ্ধে যি যুঁজ দিলে তাৰ বাবে মন্ত্ৰী গৰাকীয়ে সকলোৰে শলাগ লয়।

স্বাস্থ্য কৰ্মী, আৰক্ষী প্ৰশাসন, সংবাদকৰ্মী আদি সকলোৰে প্ৰতি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি কোভিড আৰু এইচ আই ভিৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনত সকলোৰে সহযোগিতা কামনা কৰে।

অনুষ্ঠানত উপস্থিত থাকি এন এইচ এম(অসম)ৰ মিছন সঞ্চালক ডা০ লক্ষ্নননে স্বাস্থ্য বিভাগৰ দ্বাৰা এইচ আই ভিৰ লগত জড়িত বিভিন্ন কাৰ্য্যসূচীৰ বিষয়ে বহলাই বক্তব্য দাঙি ধৰে।

ভাষণ প্ৰসংগত এইচ আই ভি প্ৰতিৰোধ আৰু সমাজত ইয়াৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে স্বাস্থ্য বিভাগৰ লগতে সকলো স্তৰৰ লোকে সমানে সহযোগিতা আগবঢ়াব লাগিব বুলিও লক্ষ্নননে কয়।

অনুষ্ঠানৰ আদৰণি ভাষণত স্বাস্থ্য সেৱাৰ সঞ্চালক ড০ ৰথীন্দ্ৰ ভূঞাদেৱে অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিয়ে গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যসূচীৰ বিষয়ে আলোকপাত কৰে।

বিশ্ব এইচ দিৱসৰ মূল অনুষ্ঠানত অসম তথা ভাৰতবৰ্ষৰ এগৰাকী উদীয়মান, অসম কন্যা নাহিদ আফ্ৰিনে তেওঁৰ সুৰীয়া ভাষণেৰে সকলোকে আকৰ্ষিত কৰাৰ লগতে সমাজৰ যুৱচামক এইচ আই ভি/এইডচৰ বিৰুদ্ধে একগোট হ’বলৈ আহ্বান জনায়।

আনহাতে, অনুষ্ঠানত তিনিগৰাকী এইচ আই ভি প’জিটিভ ব্যক্তিয়ে নিজৰ অভিজ্ঞতাৰ কথা সমাজৰ আগত অৱগত কৰে।