NORTHEAST NOW (Assamese)

শিৱসাগৰত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

October 25, 2018 1:14 pm · পার্শ্বজোতি গগৈ
প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলা নিবনুৱা সন্থাৰ উদ্যোগত অহা দুই নৱেম্বৰত শিৱসাগৰ নাট্য মন্দিৰত সদৌ অসম ভিত্তিত এক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰয়াত যতীন সিংহ, পংকজানন্দ ভঁৰালী, হেমপ্ৰভা হাজৰিকা, চুৰেন্দ্ৰ নাথ বৰদলৈ, গণশিল্পী জিৎ চলিহা আৰু অনিল বৰুৱাৰ সোঁৱৰণত নিবনুৱা পৰিষদে তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছে।

উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ’বলগা এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে ‘সদনৰ মতে পুথিগত শিক্ষাই বাস্তৱ যুগত মূল্যায়ন কৰিব নোৱাৰি’।

প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক যোগদান কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। ইচ্ছুক প্ৰতিযোগীসকলক ৯১০১৯৮০৪৩২ নম্বৰত যোগাযোগ কৰিবলৈ শিৱসাগৰ জিলা নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক পুতু বড়াই অনুৰোধ জনাইছে।

Related News