কৰ’নাই বিদায় লোৱা নাই; ভ্ৰমণত গ’লে কি কি নিয়ম মনত ৰাখিব লাগিব?

WhatsApp Image 2021-01-08 at 7.33.42 AM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’না মহামাৰীয়ে ২০২০ চনটো সকলোৰে বাবে এক দু:স্বপ্নৰ বছৰ হৈ বিদায় ল’লে। কিন্তু বছৰটোৰ বিদায়ৰ লগে লগে কৰ’নাৰো বিদায় হোৱা বুলি নাভাৱিব। নতুন বছৰতো কৰ’নাৰ আতংক বৰ্তমান।

২০২১ত যিসকল ভ্ৰমণ বিলাসী লোকে দেশৰ ভিতৰতে ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে দেশৰ পৰ্যটন বিভাগে আৰোপ কৰা নতুন নিয়মসমূহ জানি থোৱা ভাল।

কৰ’নাৰ যিসমূহ লক্ষণ তাৰ ভিতৰত কোনো এটাৰ উপস্থিতি যদি কোনো ব্যক্তিৰ তাত থাকে তেতিয়াহ’লে ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিব লাগিব।

ভ্ৰমণত যোৱাৰ পূৰ্বে ‘কোভিড জাগ্ৰথা প’ৰ্টেল’ত নাম পঞ্জীয়ন কৰিব লাগিব।

কোনোৱে যযদি কেৰালালৈ গৈ সাতদিনতকৈ বেছি দিন থকাৰ পৰিকল্পানা কৰে, তেতিয়াহ’লে নিজৰ খৰচত ৰাজ্য চৰকাৰৰ অনুমোদিত লেবত কৰ’না টেষ্ট কৰাব লাগিব।

ফেচ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব আৰু সামাজিক দূৰত্ব বজাই ৰাখি ভ্ৰমণ কৰিব লাগিব।

পাব্লিক ট্ৰেন্সপ’ৰ্ট ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ভিৰ স্থানসমূহৰ পৰা দূৰত থাকিব লাগিব।

বয়সীয়াল লোক, গৰ্ভৱতী মহিলা বা শিশুৰ সংস্পৰ্শত আহিব নোৱাৰিব। তদুপৰি, ভ্ৰমণ চলি থকা সময়ত চৰ্দি, জ্বৰ কাহ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব তথা কৰ’না টেষ্ট কৰাব লাগিব।

সেইদৰে নিজে ব্যৱহাৰ কৰা যিকোনো স্থান বা সামগ্ৰী সম্ভৱ হ’লে লগে লগেই ছেনিটাইজ কৰিব লাগিব।

গতিকেই কোনোৱে যদি বন্দী জীৱনৰ পৰা অলপমান মুকলি বতাহৰ অভিজ্ঞতা ল’বলৈ আগ্ৰহী, তেন্তে এই নিয়মসমূহ মানি নিৰ্বিঘ্নে ভ্ৰমণলৈ ওলাব পাৰে।