NORTHEAST NOW (Assamese)

চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দুৰ্ভাগ্য কঢ়িয়াইছে টীয়কত

August 31, 2020 1:18 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও

পৰিৱৰ্তকামী চৰকাৰৰ এক অভিলাসী আঁচনি হৈছে “সৌভাগ্য”।

এই আঁচনিৰ দ্বাৰা দৰিদ্ৰ তথা বিদ্যুত সংযোগ বিহীন অঞ্চলসমূহলৈ এক আশাৰ বাৰ্তা কঢ়িয়াইছে চৰকাৰে।

কিন্তু কাৰ্যক্ষেত্ৰত আজি এই আঁচনিয়ে যোৰহাট জিলাৰ টীয়কৰ বানবিধস্ত জাঁজীমুখ অঞ্চলত ৰাইজক জলাকলাহে খুৱাইছে।

উল্লেখযোগ্য যে বান গৰাখহনীয়াই জুৰুলা কৰা তথা গৃহহীন কৰা টীয়ক জাঁজীমুখৰ প্ৰায় ৩৩ টা পৰিয়ালক বিগত সময়ত টীয়ক ৰাজহচক্ৰৰ অধীনৰ জাঁজীমুখৰে গড়খাৱৈৰ ফুকনবাৰীত অঞ্চলত সংস্থাপন দিয়া হৈছিল।

এই দুৰ্ভগীয়া পৰিয়াল কেইটাক বিগত চৰকাৰে সংস্থাপন দিলে ঠিকেই কিন্তু পৰৱৰ্ত্তী সময়ত বিদ্যুত যোগানকে আদি কৰি বিভিন্ন সুবিধা সমূহ পূৰণৰ ক্ষেত্ৰত চৰকাৰ উদাসীন হোৱা দেখা গ’ল ৷

বৰ্তমান এই চৰকাৰে ২০১৮ চনতেই পৰিয়াল কেইটাক “সৌভাগ্য” আঁচনিৰ অন্তৰ্ভুক্ত কৰি বিদ্যুত সংযোগৰ ব্যৱস্থা কৰিবৰ বাবে টেঞ্চফৰ্মাৰ ( Transformer ) স্থাপন কৰি বৈদ্যুতিক তাঁৰ সংযোগো কৰিছিল।

কিন্তু অঞ্চলটোলৈ আজি পৰ্যন্ত বিদ্যুতৰ পোহৰহে নাহিল ৷

ঘৰে ঘৰে বিদ্যুতৰ মিটাৰ পৰ্যন্ত লগোৱা হ’ল যদিও আজিকোপতি বিভাগে বিদ্যুত বিতৰণ নকৰিলে এই গাওঁখনত।

সেয়ে ৰাইজ আজি ক্ষোভিত হৈ পৰিছে আৰু বিদ্যুত যোগান ধৰিব নোৱাৰিলে এই তাঁৰসমূহ অলংকাৰ হিচাপে ৰখাতকৈ বিভাগক ঘূৰাই নিবলৈ দাবী জনাইছে।

Related News