• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত এদিনতে ক’ৰ’নাত আক্ৰান্ত ৩ লক্ষাধিক লোক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ব্যস্ত বংগৰ নিৰ্বাচনী প্ৰচাৰত!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 3:03 pm
shah-

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড পৰিস্থিতিয়ে দেশত কালান্ত ৰূপ ধাৰণ কৰাৰ সময়তো কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই লাখ লাখ লোকক এতিয়া বিপদৰ মাজলৈ ঠেলি দিছে বিজেপিয়ে।

পশ্চিম বংগ বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদিৰ দৰে দলে নিৰ্বাচনী প্ৰচাৰ সভা বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ দিনটোতেো বংগৰ তিনিটা স্থানত নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হয়।

Apply Now

সেই মৰ্মে অমিত শ্বাহে আজি হৰিৰামপুৰ, গজলে আৰু  পূৱ দুৰ্গাপুৰৰ তিনি খনকৈ নিৰ্বাচনী জনসভাত ভাগ ল’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

add

অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰৰ হৰ্ডিং বংগৰ বিভিন্ন স্থানত জিলিকি থকা দেখিবলৈ পোৱা গৈছে।

কলকাতা উচ্চ ন্যায়ালয়েও আজি আনকি ৰাজ্য খনৰ নিৰ্বাচন আয়োগক ক্ষমতা থাকিও কোভিড পৰিস্থিতিত জনসভাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰাৰ বাবে সমালোচনা কৰিছে।

উল্লেখ্য দেশত কৰ’নাৰ সংক্ৰমণ এনেদৰে বৃদ্ধি পাইছে যে ই দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাৰ ৰেকৰ্ডো ভংগ কৰিলে।

যোৱা ২৪ ঘন্টাত দেশত এদিনত সৰ্বাধিক আক্ৰান্তৰ ৰেকৰ্ড হৈছে। বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৩লাখ ১৪হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটাৰ পাছত এই প্ৰথমবাৰ দৈনিক আক্ৰান্তৰ সংখ্যাই ৩লাখ অতিক্ৰম কৰিলে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩লাখ ১৪হাজাৰ ৮৩৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বছৰৰ যোৱা ৮জানুৱাৰীত আমেৰিকাত এদিনত সৰ্বাধিক ৩লাখ ৭হাজাৰ ৫৮১জন লোক আক্ৰান্ত হৈছিল। ভাৰতে সেই ৰেকৰ্ড ভংগ কৰিলে।

যোৱা ৪এপ্ৰিলত দেশত ২৪ঘন্টাত আক্ৰান্ত হৈছিল ১লাখ লোক। কিন্তু মাত্ৰ ১৭দিনৰ মূৰত আক্ৰান্তৰ সংখ্যা অতি দ্ৰুতভাৱে বৃদ্ধি পাই ৩লাখ অতিক্ৰম কৰিলে।

দেশত দৈনিক আক্ৰান্তৰ হাৰ ৬.৭৬শতাংশ গতিতি বৃদ্ধি পাইছে যিটো আমেৰিকাতকৈ চাৰিগুণ অধিক।

বিগত ২৪ ঘন্টাত দেশত ২হাজাৰ ১০৪জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৮৪হাজাৰ ৬৫৭জনলৈ বৃদ্ধি পাইছে।

সেইদৰে দেশত মুঠ আক্ৰান্ত সংখ্যা হৈছেগৈ ১কোটি ৫৯লাখ ৩০হাজাৰ ৯৬৫জন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd