• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তাল বিধানসভা : জুবিন গাৰ্গৰ বাবেই ইতিহাসত প্ৰথম বাৰৰ বাবে সভাস্থগিত প্ৰস্তাৱ গৃহীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 9:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰে। বিধানসভাৰ পৰম্পৰা ভংগ কৰি ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধীৰ এক সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই গ্ৰহণ কৰাৰ লগে লগে সদনত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি বিৰোধীয়ে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে। এই আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ মৃত্যু এক ‘পৰিকল্পিত হত্যাকাণ্ড’ বুলি স্পষ্ট কৰি দিয়ে।

বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে আলোচনা কৰিবলৈ অনা প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্যক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক নজিৰবিহীন ঘটনা বুলি অভিহিত কৰে। তেওঁ কয়, “জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ আমি আলোচনা হোৱাটো বিচাৰিছিলোঁ। অধ্যক্ষই আমাক সুযোগ দিছে, কিন্তু বৰ্তমান চলি থকা SIT-ৰ অনুসন্ধানৰ গতি আৰু দিশক লৈ আমি সুখী নহয়।”

Apply Now

সদনত জুবিন গাৰ্গৰ গীত আৰু আদৰ্শৰ অপব্যাখ্যা কৰা বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী বিধায়কসকল। চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিনৰ জনপ্ৰিয় গীত “নমতা আলহীয়ে চোতাল ভৰিছে…”ৰ উদ্ধৃতি দি ৰাজ্যৰ মন্ত্ৰী অশোক সিংহলক লক্ষ্য কৰি লয়।

তালুকদাৰে কয়, “আজি যিসকল বণিয়াই সোণাপুৰ, ঢেকীয়াজুলি আদিত হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিছে, তেওঁলোক আৰু তেওঁলোকক চৰকাৰীভাৱে সহায় কৰা মন্ত্ৰীজনো ‘নমতা আলহী’।” লগতে জুবিনৰ ধৰ্মনিৰপেক্ষ সত্তাক বিকৃত নকৰিবলৈ তেওঁ চৰকাৰক সকীয়াই দিয়ে।

ইপিনে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে জুবিনৰ মৃত্যুৰ তদন্তত কেইবাটাও খুঁট থকা বুলি অভিযোগ কৰে। তেওঁ প্ৰশ্ন তোলে— ছিংগাপুৰৰ ‘নৰ্থ-ইষ্ট ফেষ্টিভেল’ৰ মূল উদ্যোক্তা শ্যামকানু মহন্তৰ পত্নী আৰু অনুষ্ঠানটোৰ সৈতে জড়িত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই? লগতে ১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত মুহূৰ্তৰ ভিডিঅ’ ফুটেজ আজিলৈকে কিয় ৰাজহুৱা কৰা নহ’ল, সেই লৈ তেওঁ চৰকাৰক উভতি ধৰে। জুবিনৰ “পলিটিক্স নকৰিবা বন্ধু” গীতটি কাৰ বাবে গাইছিল, সেই লৈও মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত বাক-বিতণ্ডা চলে।

বিৰোধীৰ সকলো অভিযোগ আৰু প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এক চাঞ্চল্যকৰ ঘোষণা কৰে। তেওঁ কয়, “জুবিন গাৰ্গক ধনৰ লোভতে হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত ৪-৫ জন লোক জড়িত আছে; এজনে হত্যা কৰিছে আৰু বাকীকেইজনে সহযোগ কৰিছে।”

মুখ্যমন্ত্ৰীয়ে সদনক কয় যে  কেৱল হত্যাই নহয়, ক’ভিডৰ সময়ৰ পৰা জুবিনৰ সৈতে হোৱা সকলো অন্যায়ৰ তদন্ত হ’ব আৰু এজনো দোষী সাৰি যাব নোৱাৰিব। ইফালে, বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা মন্ত্ৰী অশোক সিংহলক মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত ৰক্ষণাবেক্ষণ দিয়াও পৰিলক্ষিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd