NORTHEAST NOW (Assamese)

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

July 4, 2022 7:52 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত  অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখিকা নবনীতা হাজৰিকাৰ ‘বহুজন বহুৰূপ ‘ শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰা হয় ৷

এই উপলক্ষে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিৎ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক তথা সাহিত্যিক চৈয়দ আতাউল কৰিমে গল্প সংকলনখন উন্মোচন কৰে ৷ গল্প সংকলনখন উন্মোচন কৰি দিয়া বক্তব্যত তেওঁ সমাজৰ ৱাস্তৱ ঘটনাৰ আলমত লিখা গল্পসমূহে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ সমাজকৰ্মী তথা সাহিত্যিক নীৰেন দাসে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট লিখক তথা ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ তথ্য বিষয়া ভূপেন্দ্ৰ চন্দ্ৰ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷

সেইদৰে লেখিকাগৰাকীয়েও গল্প সংকলনখনৰ গল্পসমূহৰ বিষয়বস্তুৰ লগতে নিজৰ বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত বক্তব্য ৰাখে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে অনিল চন্দ্ৰ শৰ্মাই ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ লগতে সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে ৷ ইপিনে লেখিকা নবনীতা হাজৰিকাই নিজৰ গল্প সংকলনখন সন্দৰ্ভত কয় যে সংকলনখত দহটা গল্প সন্নিবিষ্ট হৈছে আৰু আটাইকেইটা সত্য ঘটনাৰ ওপৰত ভিত্তি কৰি লিখা ৷ কেওঁ লগতে কয় যে সাহিত্য সদায় সত্যৰ ওপৰতে প্ৰতিষ্ঠিত ৷

সত্য ঘটনা নহলে মই কোনো গল্প বা কবিতা লিখিব নোৱাৰো ৷ লেখিকাগৰাকীৰ ইতিপূৰ্বে গল্প আৰু কবিতাকে ধৰি চাৰিখন পুথি প্ৰকাশ পোৱা বুলিও জানিবলৈ দিয়ে ৷ লগতে ৰচনা কৰিছে বহুকেইটা গীত ৷ গুৱাহাটী পাঞ্জাবাৰীৰ গায়ত্ৰী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১১৫ পৃষ্ঠাৰ গল্প সংকলনখনৰ মূল্য ১২০ টকা ৷ লেখিকাগৰাকীয়ে পাঠক সমাজে গল্প পুথিখন আকোৱালি ললে উৎসাহিত হ’ব বুলিও কয় ৷

Related News