NORTHEAST NOW (Assamese)

ওদালগুৰিত দুৰ্বৃত্তৰ দলে মৰিয়াই হত্যা কৰিলে ছাত্ৰক; সতীৰ্থ ছাত্ৰক সোধা-পোছাৰ বাবে আটক

September 19, 2018 11:41 am · চাজিদ খান
Updated: September 19, 2018 4:33 pm
নিহত মৃচাংক বসুমতাৰী।

টংলাত বন্ধুবৰ্গৰ সৈতে পৰীক্ষা শেষ হোৱাৰ আনন্দ উপভোগ কৰিবলৈ যোৱাৰ সময়ত এজন ছাত্ৰক দুৰ্বৃত্তৰ দলে মৰিয়াই হত্যা কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। ১৮ ছেপ্তেম্বৰৰ আবেলিৰ সময়ত ঘটা ঘটনাটোত নিহত ছাত্ৰজন মৃচাংক বসুমতাৰী বুলি জানিব পৰা গৈছে। ঘৰ টংলা চহৰৰ ৩ নম্বৰ ৱাৰ্ডত।

মৃচাংক মাক সুনীতা দাস বসুমতাৰীৰ ভাষ্য মতে, মৃচাংকই পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁৰ বন্ধুৰ সৈতে ফুৰিবলৈ টংলাৰ দাঁতিকাষৰীয়া এখন নদীৰ পাৰলৈ গৈছিল। তাতে তেওঁলোকৰ সৈতে আন কেইজন মানৰ কিবা কথাৰ কটাকটি হয়। তাৰ পিছতে ৭-৮জনীয়া দল এটাই তেওঁক আক্ৰমণ কৰে। সেই সময়ত মৃচাংকই মাকলৈ ফোন কৰি তেওঁক বচাবলৈ কাতৰ আহ্বান জনায়। মাক-দেউতাক ঘটনাস্থল পোৱাৰ সময়ত মৃচাংকক গুৰুতৰভাৱে আহত অৱস্থাত তাত পায়। তেওঁলোকে ততাতৈয়াকৈ মৃচাংকক টংলাস্থিত চিকিৎসালয়খনলৈ আনে আৰু চিকিৎসকে প্ৰাথমিক চিকিৎসা দি মঙলদৈ চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ দিয়ে।

কিন্তু চিকিৎসালয়খনত অক্সিজেন নথকাত আৰু এম্বুলেন্সো নথকাত অসুবিধাত পৰে অভিভাৱক দুজন। তেনেকৈয়ে মঙলদৈৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও বাটতে ছাত্ৰজনৰ মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱামতে, অত্যধিক মগজুৰ ৰক্তক্ষৰণৰ ফলত ছাত্ৰজনৰ মৃত্যু হয়।

ঘটনাটো নিজ চকুৰে দেখা স্থানীয় লোকৰ মতে, ৭-৮ জনীয়া এটা দলে তেওঁলোকক বাঁহৰ লাঠীৰে প্ৰহাৰ কৰিছিল। মৃচাংকৰ বন্ধুকেইজনেও কিছু পৰিমাণে আঘাত পায়।

মৃচাংকৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত টংলা আৰক্ষী থানাই ১৪৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰামতে, মৃচাংকৰ দুজন বন্ধু ক্ৰমে শিৱ বড়ো (১৮) আৰু দীপাংকৰ দে’ (১৯)ক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।

আনহাতে মৃচাংকৰ ককায়েক মৃণ্ময় বসুমতাৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে টংলাত উপযুক্ত চিকিৎসাসেৱা নথকা বাবে। তেওঁ কয় যে চিকিৎসালয়ত অক্সিজেনৰ চিলিণ্ডাৰ আৰু এম্বুলেন্স নথকা বাবেই ভায়েকক বচাব পৰা নগ’ল।

Related News