• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ বাবে পূৰ্বৰ ১৫ টা নথিয়ে বাহাল থাকিব নে? আজি উচ্চতম ন্যায়ালয়ত মীমাংসা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2018 1:13 pm
NRC_Valid_Documents

এন আৰ চিৰ বাবে নথিৰ তালিকা।

570
VIEWS
Share on FacebookShare on Twitter

আজি উচ্চতম ন্যায়ালয়ে দিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ খচৰাত বাদ পৰা লোকসকলৰ নাগৰিকত্ব পুনৰ পঞ্জীয়নৰ বাবে বৈধ নথি হিচাপে পূৰ্বে নিৰ্ধাৰণ কৰা ১৫ বিধ নথিকে ৰখা হ’ব নে ইয়াৰ ৫বিধ অগ্ৰাহ্য কৰাৰ যি পৰামৰ্শ, সেয়া গ্ৰহণ কৰা হ’ব- এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ে। আজি গোচৰটোৰ শুনানি আছে আৰু ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নৰিমানৰ সিদ্ধান্ত কি হ’ব তাক লৈ গোটেই অসমবাসীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে।

উল্লেখযোগ্য এজন ব্যক্তিয়ে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত তেওঁৰ লিগেচি প্ৰমাণ কৰিবৰ বাবে পূৰ্বে এন আৰ চি কৰ্তৃপক্ষই ১৫বিধ নথিৰ তালিকা দিছিল, যাৰ ভিতৰত যিকোনো এবিধ হ’লেই হয়।

কিন্তু খচৰা প্ৰকাশৰ পিছত নাম বাদ পৰা ৪০ লাখৰো অধিক লোকে তেওঁলোকৰ দাবী-আপত্তিৰ সময়ত দিব পৰা নথিৰ তালিকাত সালসলনি কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ইয়াৰে ৫ বিধ নথি অগ্ৰাহ্য কৰাৰ পৰামৰ্শ দিছিল উচ্চতম ন্যায়ালয়ক।

এই কথাটো লৈ ইতিমধ্যে ৰাজ্যত তুমুল বিতৰ্ক চলি আছে। অসন্তোষ প্ৰকাশ কৰিছে ৰাজ্যত শাসনৰ বাঘজৰী ধৰি থকা বিজেপি দলেও।

জানিব পৰামতে, ৰাজ্যিক সমন্বয়কজন আৰু ৰাজ্য চৰকাৰৰ মাজতো এই লৈ সংঘাতৰ পৰিস্থিতি হৈছে। লগতে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছ, এ আই য়ু ডি এফ, বাওঁ দলসমূহ আৰু অন্যান্য ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে প্ৰতীক হাজেলাৰ এই কাণ্ডত মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চি সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰি মতামত  প্ৰকাশ কৰা নাই যদিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰতীক হাজেলাই এই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব ক’ত পালে বুলি প্ৰশ্ন কৰিছে।

গতিকে উচ্চতম ন্যায়ালয়ত আজি হ’ব লগীয়া এন আৰ চিৰ গোচৰৰ শুনানিত কি সিদ্ধান্ত হয়, সেয়া সকলোৰে বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd