সাম্প্ৰতিক সময়ত দেশত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাই নাৰী সুৰক্ষাৰ ব্যৰ্থতাক উদঙাই তুলিছে। ইটোৰ পিছত সিটোকৈ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ ফলশ্ৰুতিত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ লোক।
নাৰী সুৰক্ষাৰ প্ৰতি এনে চৰম ভাবুকিপূৰ্ণ পৰিস্থিতিৰ সময়তে মহিলাসকলৰ আত্মৰক্ষাৰ বাবে এক নতুন প্ৰযুক্তিৰ উদ্ভাৱনেৰে চৰ্চালৈ আহিছে এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী।
কৰ্ণাটকৰ কালাবুৰাগীৰ এখন বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে এযোৰ বিশেষ জোতা। এই জোতাযোৰৰ জৰিয়তে মহিলাসকলে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত কৰা অসৎ আচৰণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।
কালবুৰ্গীৰ এছ আৰ এন মেহতা বিদ্যালয়ৰ বিজয়লক্ষ্মী বিৰাদাৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা এই নতুন জোতাযোৰত কিছু বিশেষ প্ৰযুক্তি সংযোগ কৰিছে।
বিজয়লক্ষ্মীয়ে জানিবলৈ দিয়া মতে, যেতিয়া কোনো অপৰাধীয়ে মহিলাসকলক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া এই জোতাযোৰে গোৰ মাৰি দুৰ্বৃত্তক বিদ্যুৎস্পৃষ্ট কৰিব পাৰিব।
বেটাৰী সংযোগ থকা এই জোতাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব আৰু এই জোতাযোৰে মহিলাসকলক অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি বিজয়লক্ষ্মীয়ে মন্তব্য কৰে।
তদুপৰি জোতাযোৰত জিপিএছ ব্যৱস্থাও সংযোগ কৰা হৈছে। এই সেৱাৰ জৰিয়তে কোনো সমস্যাৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে পিতৃ-মাতৃলৈ সতৰ্কবাণী প্ৰেৰণ কৰাৰ লগতে তেওঁৰ লাইভ ল’কেচন পঠিয়াব পাৰিব।
বিদ্যালয়খনৰ এগৰাকী শিক্ষকে জানিবলৈ দিয়া মতে, বিজয়লক্ষ্মীয়ে সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে অৰ্থাৎ ২০১৮ চনত এই প্ৰযুক্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। শিক্ষকগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে এনে প্ৰযুক্তি নিৰ্মাণৰ বাবে বিজয়লক্ষ্মীয়ে বহু বঁটা লাভ কৰিছে।
শেহতীয়াকৈ বিজয়লক্ষ্মীয়ে নিজৰ প্ৰকল্পৰ বাবে গোৱাত আন্তঃৰাষ্ট্ৰীয় আৱিষ্কাৰ আৰু উদ্ভাৱন এক্সপ’ বঁটা লাভ কৰিছিল বুলি জানিব পৰা গৈছে।