• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুনৰ জাত-পাতৰ বৈষম্য! বোম্বাই আই আই টিৰ হোষ্টেলৰ পৰা জঁপিয়াই আত্মহত্যা ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2023 9:49 pm
Student Dies In IIT Bombay
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানত পুনৰ জাতিগত বৈষম্যৰ আতিশয্যত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ অভিযোগ উঠিছে। আই আই টি বোম্বাইৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰই দেওবাৰে অট্টালিকাৰ ৭ম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ পিছতে পুনৰ এই অভিযোগ উত্থাপন হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ৩ মাহৰ পূৰ্বে নামভৰ্তি কৰা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনে দেওবাৰে বিয়লি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ চৌহদত থকা ছাত্ৰাৱাসৰ ভৱনৰ পৰা জপিয়াই আত্মহত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে ছাত্ৰজনক ছাত্ৰাৱাসৰ ৭ম মহলাৰ পৰা ভৱনৰ পৰা জঁপিয়াই দিয়া প্ৰত্যক্ষ কৰিছিল। এতিয়ালৈকে আৰক্ষীয়ে চৰম পদক্ষেপ লোৱা ছাত্ৰগৰাকীৰ কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মৃত ছাত্ৰগৰাকীৰ সতীৰ্থসকলৰ ভাষ্য লিপিবদ্ধ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে আত্মহত্যাৰ কাৰণ উদঘাটন কৰিবলৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Apply Now

আনহাতে, এটা ছাত্ৰ সংগঠনে জাতিগত বৈষম্যৰ বাবেই শিক্ষাৰ্থীগৰাকীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ’ল বুলি অভিযোগ কৰিছে। সংগঠনটোৰ মতে, প্ৰতিষ্ঠানখনৰ ছাত্ৰাৱাসত অনুসূচিত জাতিৰ অৰ্থাৎ নিম্ন শ্ৰেণীৰ শিক্ষাৰ্থীৰ ওপৰত উচ্চ বৰ্ণৰ শিক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহিছে।

“আমাৰ অভিযোগৰ পিছতো প্ৰতিষ্ঠানটোৱে দলিত তথা আদিবাসী ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু নিৰাপদ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি কৰ্তৃপক্ষই গুৰুত্ব নিদিলে। প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে সংৰক্ষণ বিৰোধী শিক্ষাৰ্থীসকলৰ পৰা বিভিন্ন ঠাট্টা-মস্কৰাৰ আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।”- দলিত ছাত্ৰ সংগনটোৱে এইদৰে দাবী কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আত্মহত্যা কৰা ছাত্ৰগৰাকী গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা দৰ্শন ছোলাংকি। তিনিমাহ পূৰ্বেহে তেওঁ প্ৰতিষ্ঠানখনত নামভৰ্তি কৰিছিল। যোৱা শনিবাৰে সমাপ্ত হোৱা প্ৰথম ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল দৰ্শন।

ইফালে ঘটনাৰ পিছতে ছাত্ৰ-ছাত্ৰীলৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক সুভাষী চৌধৰীয়ে প্ৰেৰণ কৰা এক টোকাত কয়, “আজি বিয়লি এক মৰ্মান্তিক ঘটনাত প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰৰ মৃত্যুৰ কথা জানিব পাৰি আমি দুখ প্ৰকাশ কৰিছো। পৱৈ আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ছাত্ৰ-ছাত্ৰীসহ আমি সকলোৱে ছাত্ৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।”

উল্লেখ্য যে, ২০১৬ চনত এনে জাতিগত বৈষম্যৰ আতিশয্যত হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা দলিত ছাত্ৰ ৰোহিত ভেমূলাৰ আত্মহত্যাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ভেমূলাৰ আত্মহত্যাই দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহত অধ্যয়নৰত দলিত তথা অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকলে সন্মূখীন হোৱা ভয়াৱহ আতিশয্যৰ দিশটোক উন্মোচিত কৰি তুলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd