খালী লিফ্টেৰে এঘাৰ মহলাৰ পৰা বাগৰি পৰি নিহত অভিযান্ত্ৰিক ছাত্ৰ: নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু

Student falls from 11th floor

দেওবাৰে নিশা ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। জয়পুৰৰ আজমেৰ ৰোডৰ মাই হাভেলি এপাৰ্টমেণ্টত এটা খালী লিফ্টেৰে তললৈ বাগৰি পৰাৰ ফলত শোকাৱহভাৱে মৃত্যুবৰণ কৰে অভিযান্ত্ৰিক শাখাত অধ্যয়নৰত এগৰাকী ছাত্ৰ।

মৃত ছাত্ৰগৰাকীক কুশাগ্ৰা মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে। বাৰাণসীৰ বাসিন্দা কুশাগ্ৰা মিশ্ৰ মণিপাল বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়নৰত অভিযান্ত্ৰিক শিক্ষাৰ্থী আছিল।

কুশাগ্ৰাই আজমেৰ ৰোডৰ এটা ভাড়াঘৰত বাস কৰিছিল। দেওবাৰে ভৱনটোৰ ১১ তম মহলাৰ পৰা তললৈ যোৱাৰ উদ্দেশ্যে ছাত্ৰগৰাকীয়ে লিফ্টৰ বাবে অপেক্ষা কৰি আছিল।

কিছু সময় পিছতে লিফ্টৰ দুৱাৰখন খোলে যদিও বিজুতিৰ বাবে সেই সময়ত লিফ্টটো সেই মহলাত উপস্থিত হোৱাই নাছিল। কিন্তু ছাত্ৰগৰাকীয়ে এই কথা লক্ষ্য নকৰাকৈয়ে লিফ্টৰ ভিতৰলৈ সোমায় আৰু লগে লগে তললৈ বাগৰি পৰে।

ঘটনাস্থলীত থকা কিছু লোকে কুশাগ্ৰাক লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও পূৰ্বেই তেওঁৰ মৃত্যু হয়। ইফালে ভৱনটোৰ বাসিন্দাসকলে দাবী কৰা মতে ভঙা লিফ্টৰ বিষয়ে কেইবাবাৰো অভিযোগ কৰাৰ পিছতো নিৰ্মাতাই কোনো মনোযোগ দিয়া নাছিল।

ইতিমধ্যে নিৰ্মাতাৰ বিৰুদ্ধে এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰা হৈছে বুলি বাসিন্দাসকলে জানিবলৈ দিছে।