• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাবিদ্যালয়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগেৰে শিক্ষা মন্ত্ৰীক স্মাৰকপত্ৰ এছ এফ আই-ডি ৱাই এফ আইৰ

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , September 2, 2019 7:31 pm

4 min read

Education minister of Assam

সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ফাইল ফটো।

2.9k
VIEWS
Share on FacebookShare on Twitter

উচ্চ শিক্ষা সঞ্চালকালয়, অসমে ৰাজ্যৰ মহাবিদ্যলয়সমূহত শিক্ষক (সহকাৰী অধ্যাপক) নিযুক্তিৰ ক্ষেত্ৰত য়ু জি চিৰ নিয়ম ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই বিসংগতি আতৰ কৰি মেধা আৰু অভিজ্ঞ শিক্ষক নিযুক্তিৰ পথ মুকলি কৰিবলৈ দাবী জনাই আজি অসমৰ শিক্ষামন্ত্ৰী  সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু উচ্চ শিক্ষা সঞ্চালকালয়লৈ স্মাৰকপত্ৰ প্ৰদান কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছ (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

নিযুক্তিৰ সমূদায় প্ৰক্ৰিয়াটোত যোগ্যতাসম্পন্ন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সমগ্ৰ প্ৰক্ৰিয়াটোক পুনৰ নিৰীক্ষণ কৰিবৰ বাবে শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয় (DHE)ৰ ওচৰত স্মাৰকপত্ৰ যোগে সংগঠন দুটাই দাবী জনায়।

উল্লেখযোগ্য যে, পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছতো অসমৰ কলেজ সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ভুল নীতিৰ বাবে বহুতো যোগ্য আৰু অভিজ্ঞ প্ৰাৰ্থী চাকৰি লাভৰ পৰা বঞ্চিত হৈ আহিছে।

অসম উচ্চ শিক্ষা সঞ্চালকালয়ে (DHE) বিশ্ববিদ্যালয় অনুদান আয়োগ (য়ু জি চি)ৰ দ্বাৰা গৃহীত অধিনিয়মসমূহক অৱমাননা কৰি আৰু কিছু পৃথক নিৰ্দেশনা জাৰিৰ জৰিয়তে গৱেষণা, শিক্ষাদানৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰখাৰ ষড়যন্ত্ৰ কৰা দেখা গৈছে বুলি সংগঠন দুটাই অভিযোগ কৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগে এটা স্পষ্টীকৰণৰ জৰিয়তে [F.17-6/2013(PS/MISC), September 2015] উল্লেখ কৰিছে যে, মহাবিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডি এইছ ই আৰু মহাবিদ্যালয় সমূহে ইউ জি চিৰ দ্বাৰা গৃহীত অধিনিয়ম মানি চলিবলৈ বাধ্য আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট পক্ষই কোনোধৰণৰ অস্বাভাবিক সাল-সলনি কৰিব নোৱাৰিব।

আনকি তেওঁলোকে এই কথাও উল্লেখ কৰিছে যে, দেশৰ আৰু ৰাজ্যৰ উচ্চশিক্ষাৰ মান নিৰূপণ তথা বাহাল ৰখাৰ ক্ষেত্ৰত ইউ জি চি দায়বদ্ধ কিন্তু ইউ জি চিৰ অধিনিয়মক এক প্ৰকাৰে আওকান কৰি পৃথক (No.DHE/CE/UGC/Circullar/136/2017/81) চাৰ্কুলাৰৰ জৰিয়তে নিযুক্তিৰ যোগ্যতাৰ মাপকাঠিক বিপথগামী কৰাহে পৰিলক্ষিত হৈছে।

দ্যা গেজেট অব ইণ্ডিয়া (Part III, Chapter IV, Page 57, the 18 July, 2018)ত উল্লেখ আছে যে, মৌখিক সাক্ষাতকাৰৰ জৰিয়তে মহাবিদ্যালয়ৰ শিক্ষকক নিযুক্তি দিয়া হ’ব আৰু এই প্ৰক্ৰিয়াত প্ৰাৰ্থী নিৰ্বাচনৰ মাপকাঠি এনেধৰণৰ- স্নাতক পৰ্যায়ত ৮০ শতাংশ উৰ্ধৰ বাবে ২১,  ৬০-৮০ শতাংশৰ বাবে ১৯,  ৫৫-৬০ শতাংশৰ বাবে ১৬ নম্বৰ নিৰ্ধাৰণ কৰিছে।

আনহাতে,  স্নাতকোত্তৰ পৰ্যায়ত ৮০ শতাংশৰ উৰ্ধৰ বাবে ২৫,  ৬০-৮০ শতাংশৰ বাবে ২৩ নম্বৰ। এম ফিলৰ ৬০ শতাংশৰ উৰ্ধৰ বাবে ০৭,  ৫৫-৬০ শতাংশৰ বাবে ০৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে৷

সেইদৰে, পি এইছ ডি  ডিগ্ৰীৰ বাবে ২৫ নম্বৰ,  নেট-জে আৰ এফ ৰ বাবে ১০;  নেটৰ বাবে ০৮ আৰু শ্লেটৰ বাবে ০৫ নম্বৰ নিৰ্ধাৰণ কৰিছে৷

এই দিশকেইটাৰ লগতে গৱেষণা পত্ৰৰ প্ৰকাশন বা উপস্থাপনৰ বাবে ০৬,  শৈক্ষিক অভিজ্ঞতাৰ বাবে ১০ নম্বৰ ধাৰ্য্য কৰা হৈছে৷

উল্লেখযোগ্য যে, এই অধিনিয়মত হাইস্কুল আৰু হায়াৰ ছেকণ্ডাৰীৰ পৰীক্ষাৰ পৰ্যায় দুটা নাকচ কৰা হৈছে৷ অৱশ্যে অসম উচ্চশিক্ষা সঞ্চালকালয়ৰ শেহতীয়া Office memorandum, No. AHE.45/2019/2 ২৫ জানুৱাৰী ২০১৯, অনুসৰি প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত  য়ু জি চিৰ শেহতীয়া নিৰ্দেশাৱলী, ১৮-৭-২০১৮ মানি চলা দেখা যায়।

সহকাৰী অধ্যাপক নিৰ্বাচনৰ বাবে কেৱল ৩০ জুন ২০১০ চনৰ য়ুজিচিৰ নিৰ্দেশাৱলীৰ ৩.০.০/৪.০.০/৪.৪.০/৪.৪.১ দফা কেইটাহে প্ৰসঙ্গলৈ আনিছে।

শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা (প্ৰাপ্ত নম্বৰৰ দহ শতাংশ) সৰ্বোচ্চ দহ নম্বৰ, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰা (প্ৰাপ্ত নম্বৰৰ তেৰ শতাংশ) সৰ্বোচ্চ ১৩ নম্বৰ, স্নাতক পৰীক্ষাৰ পৰা (প্ৰাপ্ত নম্বৰৰ বাইশ শতাংশ) সৰ্বোচ্চ ২২ নম্বৰ আৰু স্নাতকোত্তৰ পৰা (প্ৰাপ্ত নম্বৰৰ ২৫ নম্বৰ) সৰ্বোচ্চ ২৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে৷

তাৰোপৰি, পি এইচ ডি ডিগ্ৰীৰ বাবে ৯ নম্বৰ, এম ফিল ৰ ৩ নম্বৰ, গৱেষণা পত্ৰ বা প্ৰবন্ধৰ বাবে ২ নম্বৰ,  কোনো Scopus ৱেব জাৰ্ণেলত প্ৰকাশিত গৱেষণাধৰ্মী প্ৰবন্ধৰ বাবে চাৰি নম্বৰ,  প্ৰসংগ পুথি বা পাঠ্যপুথিত অধ্যায় বা প্ৰবন্ধ লেখনৰ বাবে দুই নম্বৰ, শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্রত গৃহীত আলোচনা পত্ৰৰ বাবে দুই নম্বৰ আৰু শৈক্ষিক অভিজ্ঞতাৰ বাবে তিনি নম্বৰ নিৰ্ধাৰণ কৰিছে৷

তদুপৰি মৌখিক সাক্ষাৎকাৰৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ কাৰ্যক্ষমতাৰ বাবে ২ আৰু কোনো বিষয় সন্দৰ্ভত চমু আলোকপাত কৰা বিষয়ত ৩ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে৷

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা গৃহীত উল্লেখিত 2018 অধিনিয়ম দেশৰ আন ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান (যেনে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহৰ বাবে University of Delhi Ref No.: Estab. IV/047/2019 dated 07/08/2019 যোগে জাৰি কৰা হৈছে) সমূহে মানি চলা দেখা যায়।

অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা প্ৰৱৰ্তিত এনে সংগতিহীন নীতিৰ পৰিপ্ৰেক্ষিত অৰ্হতাৰ দৌৰত উচ্চ দক্ষতাসম্পন্ন আৰু অভিজ্ঞ প্ৰাৰ্থী বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। ডি ৱাই এফ আই আৰু এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে অভিজ্ঞ আৰু দক্ষ শিক্ষক নিযুক্তিৰ স্বাৰ্থত শীঘ্ৰে এই বিসংগতি আঁ‌তৰ কৰাৰ বাবে স্মাৰকপত্ৰ যোগে দাবী জনাইছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd