নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত অব্যাত আছে তীব্ৰ প্ৰতিবাদ। সমান্তৰালভাৱে এই জাতি ধ্বংসী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্ৰ সমাজেও।
আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ‘কা’ৰ বিৰোধিতাৰো এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। ‘কা’ৰ বিৰোধিতাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আজি NO CAA বেজ পৰিধান কৰি ডিঙিত গামোচা লৈ পৰীক্ষাত বহে।
আজি বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰি টেষ্ট, স্নাতক আৰু স্নাতকোত্তৰ ষান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত হৈছে। গতিকে বিশ্ববিদ্যালয়খনৰ একংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত পৰীক্ষাৰ্থীক এই বেজ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে।
ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা হ’লেও ‘কা’ বিৰোধিতাৰে এনেদৰে গণাতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জনায়। উল্লেখযোগ্য যে পূৰ্বৰে পৰা গণতান্ত্ৰিক পদ্ধতিৰে কটন বিশ্বিবদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰীসকলে ‘কা’ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সা্ব্যস্ত কৰি আহিছে।