DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনিৰ অভাৱত মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

গুৰুত্বহীন ৰূপহী শিক্ষাখণ্ড, নিৰ্বিকাৰ শিক্ষা বিভাগ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
March 11, 2020 12:48 pm
1VideoCapture_20200306-193619

চালিবিহীন বিদ্যালয়খন, ফ'টো-ভাৰ্গৱ হাজৰিকা

5.6k
VIEWS
Share on FacebookShare on Twitter

শাসনাধিষ্টিত চৰকাৰখনৰ এটা বিয়াগোম শিক্ষা বিভাগ থকাৰ পিছতো মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ একাংশ জৰাজীৰ্ণ বিদ্যালয়ত অধ্যয়নৰত বহু সংখ্যক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ এখন অতি জৰাজীৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় হ’ল কঠালগুৰিত থকা তেৰাং গাঁও প্ৰাৰ্থমিক বিদ্যালয়।

চামগুৰিৰ এটা ভিতৰুৱা অঞ্চলত থকা এই বিদ্যালয়খনত প্ৰায় অৰ্ধশতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে অতি দুখজনক ভাবে।

কাৰণ বিদ্যালয় খনৰ আন্তঃগাঁঠনিৰ অতি পুতৌ লগা অৱস্থাৰ বাবে এতিয়া মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে।

বিদ্যালয় গৃহটোৰ বেৰসমূহ পকী যদিও মুধচত নাই কোনো স্থায়ী চালি, নাই এযোৰো ডেক্স-বেঞ্চ, পোৱা নাই ইউনিফৰ্ম।

যাৰ বাবে প্ৰখৰ ৰ’দতে মাটিত বস্তা পাৰি কণমানি শিশুহঁতে গ্ৰহণ কৰিবলগীয়া হৈছে জীৱনৰ আদিপাঠ।

বিগত অগপ চৰকাৰ দিনতে বিদ্যালয় গৃহটো নিৰ্মাণ হৈছিল যদিও আধৰুৱা হৈ থকা ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতি মনোনিৱেশ নকৰিলে পৰৱৰ্তী কোনো এখন চৰকাৰে।

চালিহীন অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণ

কেইমাহমান পূৰ্বে স্থানীয় ৰাইজৰ তৎপৰতাত কেইখনমান টিঙেৰে বিদ্যালয়খনৰ আধৰুৱা গৃহটোৰ ওপৰত এখন অস্থায়ী চালিৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমানেও বতাহ-বৰষুণৰ সময়ত চৰম দুৰৱস্থাৰ সন্মুখীন হ’ব লগা হয় কণমানি ছাত্ৰ-ছাত্ৰীসকল।

উল্লেখযোগ্য যে, ১৯৮৬ চনতে স্থাপিত হোৱা বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়খন কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্তহে হ’ল,  নহ’ল চৰকাৰীকৰণ।

যাৰবাবে বছৰ বছৰ ধৰি বিদ্যালয়খনত কৰ্মৰত দুজনকৈ শিক্ষকে বিনা-বেতনত কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দান কৰিব লগীয়া হৈছে।

অতি উদ্বেগজনক ভাবে সুদীৰ্ঘ কাল বিনা-বেতনত শিক্ষা দান কৰি অহা প্ৰধান শিক্ষক গৰাকীয়ে অহা বছৰত খালী হাতেৰেই ল’ব লগীয়া হ’ব অৱসৰ।

কিন্তু অতি পৰিতাপৰ বিষয় এইয়ে যে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনৰ এই দুৰৱস্থাৰ বিষয়ে বহু সময়ত খণ্ড শিক্ষা বিষয়া গৰাকীক অৱগত কৰি অহাৰ পিছতো আজি পৰ্য্ন্ত কোনো বিহিত ব্যৱস্থা হাতত নোলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্কুল কতৃপক্ষই।

শীঘ্ৰে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীগৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ শিশুসকলক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয় খনত এক সুন্দৰ পৰিবেশ তৈয়াৰ কৰাত সহায় কৰিবলৈ আহ্বান জনাই শিক্ষকদ্বয়ে।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd