NORTHEAST NOW (Assamese)

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নদীত গা ধুৱলৈ গৈ পানীত ডুব যোৱা ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ

July 8, 2022 10:44 am · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
Updated: July 8, 2022 10:55 am

যোৱা ৬ জুলাইৰ আবেলি সতীৰ্থ সকলৰ সতে কোকৰাঝাৰৰ গৌৰাং নদীত গা ধূৱলৈ আহি পানীত ডুব গৈ সন্ধানহীন হৈ থকা কোকৰাঝাৰ বি.বি.ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ শুকুৰবাৰে পুৱা নদীখনৰ পশ্চিম প্ৰান্ততএছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে৷

উদ্ধাৰ অভিযানত জড়িত এছডিআৰএফ বাহিনীৰ লগতে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে ছাত্ৰ গৰাকী যিটো স্থানত গা ধুৱলৈ নামিছিল সেই স্থানৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈত ছাত্ৰ গৰাকীৰ মৃতদেহ পাৰ্কুপাইনত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে৷

 

উল্লেখ্য লগৰীয়াৰ সৈতে নৈত গা ধুৱলৈ গৈ নৈৰ পানীত সন্ধানহীন হৈছিল ছাত্ৰ জন৷ ইয়াৰ পিছতে সন্ধানহীন হৈ পৰা ছাত্ৰ জনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছিল৷

অৱশেষত আজি উদ্ধাৰ হয় ছাত্ৰ জনৰ মৃতদেহ৷ মৃত ছাত্ৰ জনৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাত বুলি জানিব পৰা গৈছে৷

অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোকৰাঝাৰ চহৰত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে৷

Related News